21lessons
Author: Pallab JD
সুন্দৰ এটি মৌলিক কাহিনী সকলোৱে পচন্দ কৰে । বিটকইনৰ আঁৰৰ মূল কাহিনীটোও এটি আকৰ্ষণীয় কাহিনী, আৰু ইয়াত থকা বিৱৰণবোৰো পাঠকৰ বাবে প্ৰথম দৃষ্টিত লগাতকৈ কিছু বেছিয়েই গুৰুত্বপূৰ্ণ । সুন্দৰ এটি মৌলিক কাহিনী সকলোৱে পচন্দ কৰে ।...
Author: Pallab JD
টকা গছত নালাগে । লাগে বুলি ভবাজন মূৰ্খ, আৰু সেয়ে আমাৰ অভিভাৱকে সদায় এই কথাটো মন্ত্ৰ মাতাদি আওৰাই থাকিছিল, যাতে আমি কথাটো গম পাওঁ । ধনৰ প্ৰয়োগ বুদ্ধিমত্তাৰে কৰিবলৈ, অনৰ্থক ধন খৰছ নকৰিবলৈ আৰু বেয়া সময়ত সহায়ক হোৱাকৈ ভাল সময়ত ধন সঞ্চয় কৰিবলৈ আমাক উৎসাহিত কৰা হয় ।...
Author: Pallab JD
প্ৰথম দৃষ্টিত কম্পিউটাৰ নেটৱৰ্ক - এটা সম্পুৰ্ন কাৰিকৰী ব্যৱস্থা যেন লগা এই বিটকইন নেটৱৰ্কটোৰ বিষয়ে বুজিবলৈ প্ৰয়োজন হোৱা বিত্তীয়জ্ঞান, অৰ্থনীতি আৰু মনোবিজ্ঞানৰ পৰিমানটো আছিল মোৰ বাবে আটাইতকৈ আশ্বৰ্যকৰ কথাবোৰৰ অন্যতম ।...
Author: Pallab JD
ঠিক তেনেদৰেই, বিটকইন কি সেয়া বিৱৰণ কৰাও স্বাভাৱিকতে কঠিন । ই এটা সম্পূৰ্ণ নতুন বস্তু আৰু পূৰ্বৱৰ্তী বস্তুবোৰৰ সৈতে কৰা ইয়াৰ যিকোনো তুলনাত্মক বিশ্লেষণে - লাগে সেয়া "ডিজিটেল সোণ" বুলি বা "ইণ্টাৰনেটৰ মুদ্ৰা" বুলিয়েই নহওক কিয় - ইয়াৰ এক সম্পুৰ্ণ বিৱৰণ দিয়াত সদায় ব্যৰ্থ হৈয়েই ৰ’ব ।...
Author: Pallab JD
মুদ্ৰাস্ফীতি কি আৰু বিটকইনৰ দৰে এটা মুদ্ৰাস্ফীতিহীন ব্যৱস্থাই আমাৰ কাৰ্যপ্ৰণালীক কেনেদৰে সলনি কৰিব পাৰে, সেয়া বুজিবলৈ কৰা প্ৰচেষ্টাই আছিল মোৰ অৰ্থনীতৰ প্ৰতি উদ্যোগৰ আদি বিন্দু । মই জানিছিলোঁ যে নতুন মুদ্ৰা সৃষ্টিৰ হাৰেই আছিল মুদ্ৰাস্ফীতি, কিন্তু তাৰ বাহিৰে আৰু মই খুব বেছি একো জনা নাছিলো ।...
Author: Pallab JD
ধননো কি ? সদায় আমি ইয়াৰ ব্যৱহাৰ কৰো, তথাপি আশ্চৰ্যজনকভাৱে এই প্ৰশ্নটোৰ সহজে উত্তৰ দিব নোৱাৰো । ইয়াৰ ওপৰতে আমি সৰু-বৰ ভিন্ন প্ৰকাৰে নিৰ্ভৰশীল, আৰু যদি আমাৰ হাতত ইয়াৰ পৰিমাণ কমি যায় তেন্তে আমাৰ জীৱন যাপনেই খুব জটিল হৈ পৰে ।...
Author: Pallab JD
উপৰোৱাভাৱে বিটকইনক লক্ষ্য কৰি কোনোৱে হয়তো ভাবিব পাৰে যে ই লেহেমীয়া, অপচয়মূলক, অপ্ৰয়োজনীয় তথা অযথা ভীতিগ্ৰস্ত এক ব্যৱস্থা । আকৌ, অনুসন্ধিৎসু ভাৱে বিটকইনক লক্ষ্য কৰি কোনোৱে হয়তো পাব পাৰে যে কথাবোৰ আচলতে প্ৰথমবাৰতে দেখাৰ দৰে নহয় ।...
Author: Pallab JD
কোৱান্টাম প্ৰযুক্তিৰ কথা আঁতৰাই থ’লে, পাৰ্থিৱ পৃথিৱীখনত স্থানীয়তাক লৈ কোনো সমস্যা দেখা নাযায় । "অমুক ক’ত আছে" বোলা প্ৰশ্নটোৰ সদায় এটা অৰ্থপূৰ্ণ উত্তৰ দিব পৰা যায়, লাগে ইয়াত অমুক এটা বস্তুৱেই হওক বা মানুহ । কিন্তু ডিজিটেল পৃথিৱীখনত "ক’ত আছে" বোলাটোৱেই এটা জটিল প্ৰশ্ন, যদিওবা ইয়াৰ উত্তৰ দিয়াটো অসম্ভৱ নহয় ।...
Author: Pallab JD
বিটকইনত সোমাই পৰাটো এক সুখদায়ক অনুভৱ । মই ভাবিছিলোঁ যে কথাবোৰ মোৰ জ্ঞাত আছিল । ভাবিছিলোঁ যে মই শিক্ষিত আছিলোঁ । ভাবিছিলোঁ অন্ততঃ মই কম্পিউটাৰ বিজ্ঞান জানিছিলোঁ ।...
Author: Pallab JD
বিটকইন হৈছে এটা ধাৰণা । এনে এটা ধাৰণা, যি ইয়াৰ বৰ্তমান ৰূপত, সম্পূৰ্নভাৱে লিখনিৰ শক্তিৰে চালিত এক যন্ত্ৰবিশেষ প্ৰদৰ্শিত কৰে । বিটকইনৰ প্ৰতিটো দিশ হৈছে মাথোঁ লিখনি : শ্বেতপত্ৰখনি হৈছে লিখনি । ইয়াৰ ন’ডবোৰে চলাই থকা চফ্টৱেৰটো হৈছে লিখনি । হিচাপমালা (ledger) খন হৈছে লিখনি ।...
Author: Pallab
In Regards to a bat শীৰ্ষক প্ৰবন্ধত প্ৰফেছৰ থমাছ নেগ’লে আগবঢ়োৱা এই একেটা প্ৰশ্নৰ মূল্যাংকনৰ প্ৰতি শ্ৰদ্ধা নিবেদী নিক কাৰ্টাৰে এটি সুন্দৰ লেখা আগবঢ়াইছে য’ত এই প্ৰশ্নটো আলোচনা কৰা হৈছে : "এটা বিটকইন হ’বলৈ কেনে লাগে ?(What is it like to be a Bitcoin?)"...
Author: Pallab JD
সাধাৰণতে, প্ৰযুক্তিৰ অগ্ৰগতিয়ে সম্পদক সহজলভ্য কৰি তোলা দেখা গৈছে । পূৰ্বতে বিলাসী হিচাপে গণ্য হোৱা সামগ্ৰীকো ক্ৰমাগতভাৱে অধিক মানুহে উপভোগ কৰিবলৈ পোৱা হৈছে । শীঘ্ৰেই আমি সকলোৱে একালৰ ৰজাৰ দৰে বাস কৰিবলৈ ল’ম (আমাৰ মাজৰে অনেকে ইতিমধ্যে বাস কৰিবলৈ লৈছেই) ।...
Author: Pallab JD
মূল্য হৈছে কিছু পৰিমানে এক দুমুখীয়া ধাৰণা, আৰু এনেকুৱা অনেক তত্ত্ব আছে যি কিছুমান বস্তুক আমি আন বস্তুতকৈ কিয় অধিক মূল্য দিওঁ সেয়া ব্যাখ্যা কৰাৰো প্ৰয়াস কৰিছে । হাজাৰ বছৰ ধৰি মানুহে মূল্যৰ এই স্ব-বিৰোধীতাৰ বিষয়ে জ্ঞাত হৈ আহিছে ।...