পাঠ ০৫ : এটি পবিত্ৰ ধাৰণা | বিটকইন একবিংশতি (21 Lessons)

Translated from:
Lesson 5 : An immaculate conception (21 Lessons by Dergigi)

"ইহঁতৰ মূৰ বোৰ নাইকিয়া হ’ল !" - সৈন্যবোৰে চিঞৰি উত্তৰ দিলে ।

সুন্দৰ এটি মৌলিক কাহিনী সকলোৱে পচন্দ কৰে । বিটকইনৰ আঁৰৰ মূল কাহিনীটোও এটি আকৰ্ষণীয় কাহিনী, আৰু ইয়াত থকা বিৱৰণবোৰো পাঠকৰ বাবে প্ৰথম দৃষ্টিত লগাতকৈ কিছু বেছিয়েই গুৰুত্বপূৰ্ণ । কোননো চাট’ছি নাকাম’ট’ ? তেওঁ এজন মাত্ৰ ব্যক্তি নে কেইবাজনৰ এটা গোট ? তেওঁ পুৰুষ নে নাৰী ? ভৱিষ্যতৰ পৰা অহা এলিয়েন নে উন্নত কৃত্ৰিম বুদ্ধিমত্তা ? অসংলগ্ন থিয়ৰিবোৰ বাদ দি, হয়তো আমি তেওঁৰ বিষয়ে কেতিয়াও জানিবগৈ নোৱাৰিম । আৰু এনে হোৱাটো প্ৰয়োজনীয় ।

ইচ্ছাকৃতভাৱে চাটচি বেনামী হৈছিল । তেৱেঁই বিটকইন বৃক্ষৰ বীজ ৰোপন কৰিছিল । নেটৱৰ্কটো যাতে চালুকীয়া অৱস্থাতে মৰি নাযায় তাৰবাবে তেওঁ যেতিয়ালৈকে প্ৰয়োজন ইয়াৰ সৈতে লাগি থাকিল । আৰু তাৰপিছত এদিন তেওঁ নোহোৱা হৈ পৰিল ।

অজ্ঞাতবাসৰ দৰে এক আচহুৱা কাণ্ড যেন লগা এই কাৰ্য্য কিন্তু এটি প্ৰকৃত বিকেন্দ্ৰিকৃত ব্যৱস্থাৰ বাবে অতি গুৰুত্বপূৰ্ণ । কোনো কেন্দ্ৰীভূত নিয়ন্ত্ৰণ নাই । কোনো কেন্দ্ৰীয় কৰ্তৃপক্ষ নাই । কোনো উদ্ভাৱক নাই । গোচৰ তৰিবলৈ, অত্যাচাৰ কৰিবলৈ, ব্লেকমেইল বা বাজেয়াপ্ত কৰিবলৈও মালিক হিচাপে কাকো পাবলৈ নাই । প্ৰযুক্তিৰ ক্ষেত্ৰত ই এক নিৰ্ভেজাল, পবিত্ৰ ধাৰণা ।

একেবাৰে নোহোৱা হৈ পৰাটোও আছিল চাটচিয়ে কৰা শ্ৰেষ্ঠতম কাৰ্য্যসমূহৰ মাজৰে এটা ।

বিটকইনৰ জন্মৰে পৰা, অন্যান্য হাজাৰ বিজাৰ ক্ৰিপ্টমুদ্ৰা তৈয়াৰ কৰা হৈছিল । ইয়াৰে কোনো এটাও বিটকইনৰ মূল কাহিনীটোৰ অংশীদাৰ নহয় । কোনোৱে যদি বিটকইনক পিছ পেলাই থৈ যাব বিচাৰে তেন্তে তাৰ মূল কাহিনীভাগকো পিছ পেলাই যাব পাৰিব লাগিব । চিন্তাধাৰাৰ ৰণভূমিত, কাহিনীয়েহে ধাৰণা এটাৰ অস্তিত্ব জীয়াই ৰাখে ।

সোণৰ পৰা পোনপ্ৰথমে গহনা তৈয়াৰ কৰা হৈছিল আৰু ৭০০০ বছৰ পূৰ্বে আনকি বিনিময়ৰ বাবেও ব্যৱহাৰ কৰা হৈছিল । সোণৰ মনোমোহা উজ্জ্বলতাৰ বাবে ইয়াক দেৱতা সকলৰ পৰা পোৱা এক উপহাৰ হিচাপে গণ্য কৰা হৈছিল ।

প্ৰাচীন কালত সোণৰ দৰে, বিটকইনক দৈৱ প্ৰদত্ত উপহাৰ বুলি গণ্য কৰাও হ’বগৈ পাৰে । সোণৰ বিপৰীতে, বিটকইনৰ উৎপত্তি সকলোবোৰ বাবে অত্যন্ত মানৱীয় । আৰু এইবাৰ আমি জানো যে বিকাশ আৰু ৰক্ষণাবেক্ষণৰ দেৱতা প্ৰকৃততে কোন : সেয়া হৈছে সমগ্ৰ বিশ্বৰ মানৱ, লাগে তেওঁ লাগে বেনামী হওক বা নহওক ।

বিটকইনে মোক শিকালে যে কাহিনীবোৰৰ বৰ্ণনা গুৰুত্বপূৰ্ণ ।