বাগিচালৈ সোমোৱাৰ পথৰ দাঁতিত এজোপা ডাঙৰ গোলাপ গছ থিয় হৈ আছিল । গছজোপাৰ ফুলবোৰ আছিল বগা, কিন্তু তাত থকা তিনিজন মালীয়ে ফুলবোৰ ৰং সানি ৰঙা কৰাত ব্যস্ত হৈ আছিল । কথাটো এলিছৰ কৌতূহলজনক যেন লাগিল…
টকা গছত নালাগে । লাগে বুলি ভবাজন মূৰ্খ, আৰু সেয়ে আমাৰ অভিভাৱকে সদায় এই কথাটো মন্ত্ৰ মাতাদি আওৰাই থাকিছিল, যাতে আমি কথাটো গম পাওঁ । ধনৰ প্ৰয়োগ বুদ্ধিমত্তাৰে কৰিবলৈ, অনৰ্থক ধন খৰছ নকৰিবলৈ আৰু বেয়া সময়ত সহায়ক হোৱাকৈ ভাল সময়ত ধন সঞ্চয় কৰিবলৈ আমাক উৎসাহিত কৰা হয় । অন্ততঃ ধন-টকা-পইচা গছত নালাগে ।
ধনৰ বিষয়ে মই যিমানখিনি জনাৰ প্ৰয়োজন আছে বুলি ভাবিছিলো, বিটকইনে মোক তাতোকৈ অধিক শিকালে । ইয়াৰ দ্বাৰা মই মুদ্ৰাৰ ইতিহাস, বেঙ্ক ব্যৱস্থা, অৰ্থনৈতিক চিন্তাৰ বিভিন্ন ধাৰা আৰু অন্য বহুতো বিষয়-বস্তু অন্বেষণ কৰিবলৈ বাধ্য হৈছিলোঁ। বিটকইনক বুজি উঠাৰ প্ৰচেষ্টাই মোক এনে অনেক পথলৈ নমাই আনিছিল, যাৰ মাজৰে কিছুমানৰ বিষয়ে মই এই শৃংখলাটোত আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ ।
প্ৰথম সাতটা পাঠত বিটকইনৰ স্পৰ্শপ্ৰাপ্ত কিছুমান দাৰ্শনিক প্ৰশ্নৰ বিষয়ে আলোচনা কৰা হৈছিল । পৰৱৰ্তী সাতটা পাঠে ধন আৰু অৰ্থনীতিৰ ওপৰত এক নিকট দৃষ্টি নিক্ষেপ কৰিব ।
পুনৰাই কওঁ যে ইয়াত মই কেৱল ওপৰে ওপৰে বিটকইনৰ পৃষ্ঠভাগ হে স্পৰ্শ কৰিবলৈ সক্ষম হ’ম । বিটকইন কেৱল উচ্চাকাংক্ষীয়েই নহয়, বৰঞ্চ ইয়াৰ পৰিসৰো যথেষ্ট বিস্তৃত আৰু গভীৰ, যাৰ বাবে ইয়াৰ সকলো প্ৰাসঙ্গিক বিষয়ক মাথোঁ এটা পাঠ, প্ৰবন্ধ বা এখন কিতাপত সামৰি লোৱা টো অসম্ভৱ হৈ পৰে । মোৰ সন্দেহ হয় যে এয়া হয়তো কোনোকালেই সম্ভৱ হৈ নুঠিবগৈ পাৰে ।
বিটকইন হৈছে এক নতুন প্ৰকাৰৰ ধন, যাক বুজিবৰ বাবে অৰ্থনীতি শিক্ষাৰ গুৰুত্ব হৈছে সৰ্বাধিক । মানুহৰ কাৰ্যকলাপৰ প্ৰকৃতি আৰু বিভিন্ন বিত্তীয় পক্ষৰ মাজৰ ক্ৰিয়াকলাপৰ সৈতে মোকাবিলা কৰা অৰ্থনীতিয়েই হৈছে সম্ভৱতঃ বিটকইন সাঁথৰৰ আটাইতকৈ বৃহৎ আৰু আকৰ্ষণীয় অংশ।
পুনশ্চ: এই পাঠবোৰ হৈছে বিটকইনৰ পৰা মই শিকা বিভিন্ন বিষয়বস্তুৰ এক অন্বেষণ। এয়া মোৰ বিটকইন গহ্বৰ যাত্ৰাৰ এক ব্যক্তিগত প্ৰতিফলন মাথোঁ । অৰ্থনীতিৰ কোনো পশ্চাদভূমি নোহোৱা হেতুকে নিশ্চিতৰূপে মই নিজ সুষমাৱস্থাৰ পৰিসৰৰ বাহিৰত ৰৈ গৈছো আৰু বিশেষকৈ জানিছোঁ যে মই বুজি উঠা যিকোনো কথাই আধৰুৱা হৈ ৰ’ব পাৰে । আনকি নিজকে মূৰ্খ সজোৱাৰ আশংকা ৰাখি হ’লেও মই যি শিকিলোঁ তাৰ স্বৰূপাংকন কৰাৰ যথাসম্ভৱ চেষ্টা কৰিম । অন্তত, মই এতিয়াও সেই প্ৰশ্নটোৰে উত্তৰ দিবলৈ চেষ্টা কৰি আছো যে - “বিটকইনৰ পৰা তুমি কি শিকিলা ? (What have you learned from Bitcoin?)”
দৰ্শনৰ দৃষ্টিৰে সাতটা পাঠ নিৰীক্ষণ কৰাৰ পিছত, আহক আমি অৰ্থনীতিৰ দৃষ্টিৰে আৰু সাতটা পাঠ নিৰীক্ষণ কৰো । এইবাৰ মই যি আগবঢ়াব পাৰো সেয়া হৈছে অৰ্থনীতিৰ পাঠ, যাৰ অন্তিম গন্তব্যস্থান হৈছে: সুস্থিৰ ধন (sound money)।