আৰু তাকে সোধাৰ বাবে তাই যে মোক কি এজনী অবুজ, সৰু ছোৱালী বুলি ভাবিব নহয় ! নাই নাই, সুধিব গ’লে নহব: হয়তো মই ক’ৰবাত লিখি থোৱাই দেখা পাম চাগে ।

প্ৰথম দৃষ্টিত কম্পিউটাৰ নেটৱৰ্ক - এটা সম্পুৰ্ন কাৰিকৰী ব্যৱস্থা যেন লগা এই বিটকইন নেটৱৰ্কটোৰ বিষয়ে বুজিবলৈ প্ৰয়োজন হোৱা বিত্তীয়জ্ঞান, অৰ্থনীতি আৰু মনোবিজ্ঞানৰ পৰিমানটো আছিল মোৰ বাবে আটাইতকৈ আশ্বৰ্যকৰ কথাবোৰৰ অন্যতম । সাধুকথাৰ নোমাল ভৰিৰ এটি সৰু ল’ৰাৰ উক্তিৰে - “বিটকইনত খোজ পেলোৱাটো এক বিপদজনক কাৰবাৰ, ফ্ৰ’ড’ ! তুমি শ্বেতপত্ৰ খন পঢ়া, আৰু যদিহে ভৰিৰ খোপনি ধৰি ৰাখিব নোৱাৰা তেন্তে ই তোমাক ক’লৈ উটাই লৈ যাব গমকে নাপাবা !”

নতুন অৰ্থব্যৱস্থা এটাক বুজিব হ’লে, আপুনি পুৰণি ব্যৱস্থাটোৰ সৈতে পৰিচিত হ’বই লাগিব । অতিশীঘ্ৰে মই অনুভৱ কৰিবলৈ ধৰিলো যে আমাৰ শিক্ষা ব্যৱস্থাত মই উপভোগ কৰা বিত্তীয় শিক্ষাৰ পৰিমাণ আছিল শূণ্য ।

এটি পাঁচ বছৰীয়া শিশুৰ দৰে, মই নিজকে নিজে অনেক প্ৰশ্ন সোধা আৰম্ভ কৰিলোঁ: বেংক ব্যৱস্থাটোৱে কাম কেনেকৈ কৰে ? ষ্টক মাৰ্কেট খনে কেনেকৈ কাম কৰে ? ফিয়াট ধন (Fiat money) নো কি ? নিয়মিত ধন (Regular money) নো কি ? দেশৰ মুঠ ধাৰৰ সংখ্যা ইমান সৰহ কিয় ? প্ৰকৃততে কিমান পৰিমাণৰ কাগজীমুদ্ৰা ছপা কৰা হয়, আৰু সেয়া কোনে নিৰ্ধাৰণ কৰে ?

মোৰ অজ্ঞতাৰ সম্পূৰ্ণ পৰিসৰৰ বিষয়ে আভাস পাই এবাৰ সামান্যভাৱে শংকিত হোৱাৰ পিছত, সজ সঙ্গত আছোঁ বুলি অনুভৱ কৰি মই আশ্বাস লভিলো ।

এয়া হাস্যকৰ নহয়নে যে কেন্দ্ৰীয় বেঙ্কৰ পৰা মোৰ কৰ্মজীৱন আৰম্ভ কৰাকে ধৰি বিত্তীয় প্ৰতিষ্ঠানৰ বাবে কাম কৰি অতিবাহিত কৰা ইমান বছৰতকৈ বিটকইনে মোক ধনৰ বিষয়ে অধিক কথা শিকালে ?

এৰনট্যেইছ

মহাবিদ্যালয়ৰ অন্তিম চাৰে তিনি বছৰতকৈও ক্ৰিপ্ট’ অধ্যয়নৰ যোৱা তিনিটা মাহত মই বিত্ত, অৰ্থনীতি, প্ৰযুক্তি, ক্ৰিপ্টোগ্ৰাফী, মানৱ-মনোবিজ্ঞান, ৰাজনীতি, খেল তত্ত্ব (Game theory), আইন আৰু মোৰ নিজৰ বিষয়েও অধিকহে শিকিছোঁ

বিটকইন ডান্নী‌

সমস্ত টুইটাৰত থকা অনেক স্বীকাৰোক্তিৰ মাজৰে এয়া মাথোঁ দুটা।

প্ৰথম পাঠত অন্বেষণ কৰাৰ দৰে, বিটকইন এক জীৱন্ত বস্তু । অৰ্থনীতিবিদ মিজেছে যুক্তি দিছিল যে অৰ্থনীতিও এটা জীৱন্ত বস্তু । আৰু ব্যক্তিগত অভিজ্ঞতাৰ পৰা আমি সকলোৱে জানো যে জীৱিত বস্তুবোৰক বুজি পোৱাটো স্বাভাৱিকতে কঠিন।

কোনো এটা বৈজ্ঞানিক প্ৰণালী হৈছে জ্ঞানৰ বাবে, কিন্তু অন্তহীনভাৱে আগবঢ়া সন্ধানৰ পথৰ এটি আস্থান । প্ৰত্যাশিতভাৱে ই প্ৰত্যেক মানৱীয় প্ৰচেষ্টাত অন্তৰ্নিহিত অপর্যাপ্ততাৰ দ্বাৰা প্ৰভাৱিত হয় । কিন্তু এইবোৰ তথ্য স্বীকাৰ কৰি লোৱা মানে বৰ্তমান কালৰ অৰ্থনীতি পিছপৰি ৰোৱা নুবুজায় । ই মাথোঁ বুজাই যে অৰ্থনীতি এক জীৱন্ত বস্তু - আৰু জীৱন্ত মানেই ক্ৰুটিপূৰ্ণতা ও পৰিবৰ্তনশীলতাক বুজায় ।”

লুৱিগ ভন মিজেছ

বাতৰিত আমি সকলোৱে বিভিন্ন বিত্তীয় সংকটৰ বিষয়ে পঢ়িছোঁ আৰু আচম্বিতও হৈছোঁ যে ইমান বৃহৎ বিত্তীয় উদ্ধাৰসমূহ (bailout) হয়নো কেনেকৈ, আৰু সন্দিহানো হৈ পৰিছোঁ যে কেইবা অযুত-কোটিৰ ঘৰত হোৱা এই ক্ষতিবোৰৰ বাবে কাকো কিয় দায়বদ্ধ কৰা দেখা নাযায় । মই এতিয়াও সন্দিহানেই, কিন্তু অন্তত মই বিত্তীয় সংসাৰখনত কি চলি আছে তাৰ এক আভাস পাবলৈ আৰম্ভ কৰিছোঁ ।

কিছুমান মানুহে আনকি এই বিষয়বোৰৰ প্ৰতি থকা সাধাৰণ অজ্ঞতাক এক প্ৰণালীবদ্ধ, ইচ্ছাকৃত অজ্ঞতাৰ লক্ষণ প্ৰদান কৰিবলৈ আগবাঢ়ে । যদিওবা ইতিহাস, পদাৰ্থ বিজ্ঞান, জীৱবিজ্ঞান, গণিত আৰু ভাষা আদি সকলোবোৰ আমাৰ শিক্ষাৰ ভিতৰুৱা অংশ, আশ্চৰ্যজনকভাৱে ধন আৰু বিত্তৰ পৃথিৱীখনক কেৱল উপৰুৱাভাৱেহে অন্বেষণ কৰা হয়, যদিহে কৰিবলগীয়া হয় । মই ভাবি আচৰিত হওঁ যে যদি ব্যক্তিগত বিত্ত, ধন আৰু ঋণৰ কাৰ্যপ্ৰণালীৰ বিষয়ে সকলো মানুহ শিক্ষিত হৈ উঠে, তেন্তে বৰ্তমানৰ দৰে মানুহবোৰে তেতিয়াও ইমানকৈ ধাৰ-ঋণ বঢ়াবলৈ ইচ্ছুক হ’বনে ? তাৰপিছত মই চিন্তা কৰো, এটা প্ৰভাৱী টিনফইল টুপি তৈয়াৰ কৰিবলৈ এলুমিনিয়ামৰ কিমানটা তৰপ লাগিব ? সম্ভৱ তিনিটা ।

(মাৰ্কেটৰ) সেই পতনবোৰ, এই বিত্তীয় উদ্ধাৰবোৰ, কোনো অঘটন নহয় । বা বিদ্যালয়ত কোনো বিত্তীয় শিক্ষা নথকাটোও একো অঘটন নহয় । […] এইবোৰ হ’ল পূৰ্বপৰিকল্পিত । যিদৰে গৃহযুদ্ধৰ আগলৈকে (যুক্তৰাষ্ট্ৰত) ক্ৰীতদাসক শিক্ষা প্ৰদান কৰাটো বে-আইনী আছিল, (তেনেকৈয়ে) বিদ্যালয়ত বিত্ত বা ধনৰ বিষয়ে শিক্ষা লাভৰ বাবেও আমি অনুজ্ঞাপ্ৰাপ্ত নহয় ।

ৰবাৰ্ট কীয়’ছাকী

Wizard of Oz (উপন্যাস) ত থকাৰ দৰে, আমাক সকলোকে পৰ্দাৰ আঁৰৰ মানুহজনলৈ মন নিদিবলৈ কোৱা হৈছিল । Wizard of Oz ৰ বিপৰীতে, এতিয়া আমাৰ হাতত প্ৰকৃত মায়াজাল আছে: চেন্সৰশ্বিপ প্ৰতিৰোধী, মুক্ত, সীমা-বিহীন মূল্য-স্থানান্তৰৰ এক নেটৱৰ্ক । ইয়াত কোনো আঁৰকাপোৰৰ নাই আৰু যাদু চলে সকলোৰে চকুৰ সন্মুখত ।

বিটকইনে মোক পৰ্দাৰ আঁৰলৈ জুমি চাবলৈ আৰু মোৰ বিত্তীয় অজ্ঞতাৰ সন্মুখীন হ’বলৈ শিকালে ।