সোণজনী মোৰ, ইয়াত আমি কেৱল এঠাইতে স্থিৰ হৈ থাকিবলৈকো যিমান বেগেৰে পাৰো দৌৰিব লাগিব । আৰু যদি তুমি কেনিবা যাব খোজা তেন্তে তুমি তাতোকৈ দুগুন বেগেৰে দৌৰিব লাগিব ।

মুদ্ৰাস্ফীতি কি আৰু বিটকইনৰ দৰে এটা মুদ্ৰাস্ফীতিহীন ব্যৱস্থাই আমাৰ কাৰ্যপ্ৰণালীক কেনেদৰে সলনি কৰিব পাৰে, সেয়া বুজিবলৈ কৰা প্ৰচেষ্টাই আছিল মোৰ অৰ্থনীতৰ প্ৰতি উদ্যোগৰ আদি বিন্দু । মই জানিছিলোঁ যে নতুন মুদ্ৰা সৃষ্টিৰ হাৰেই আছিল মুদ্ৰাস্ফীতি, কিন্তু তাৰ বাহিৰে আৰু মই খুব বেছি একো জনা নাছিলো ।

যেতিয়া নেকি এচাম অৰ্থনীতিবিদে যুক্তি দৰ্শাই যে মুদ্ৰাস্ফীতি এটা ভাল বস্তু, আন এচামে যুক্তি দিয়ে যে “কঠিন” মুদ্ৰা হৈছে এখন সুস্থ অৰ্থনীতিৰ বাবে সৃষ্ট, যাক নেকি সহজে মুদ্ৰাস্ফীতি ঘটাব নোৱাৰি - যেনে মুদ্ৰাৰ প্ৰচলন ‘স্বৰ্ণমানক’ (Gold Standard) ৰ দিনত আছিল । ২১ নিযুতৰ সীমিত যোগান পৰিমাণৰ সৈতে বিটকইনে, ওপৰোক্ত দ্বিতীয় শিবিৰৰ সৈতে সহমত পোষণ কৰে ।

সাধাৰণতে, মুদ্ৰাস্ফীতিৰ প্ৰভাৱবোৰ তৎক্ষণাত স্পষ্ট হৈ নুঠে । মুদ্ৰাস্ফীতিৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি (লগতে অন্যান্য কাৰকৰ ওপৰতো) কাৰক আৰু প্ৰভাৱৰ মাজত কেইবা বছৰ পৰ্যন্ত সময় লাগিব পাৰে । কেৱল সেয়াই নহয়, মুদ্ৰাস্ফীতিয়ে কিছুমান শ্ৰেণীৰ মানুহক আনতকৈ অধিক প্ৰভাৱিত কৰে । সাংবাদিক হেনৰী হেজলিটে ‘Economics in One Lesson’ গ্ৰন্থত উল্লেখ কৰিছে যে “অৰ্থনীতিৰ কলা, কোনো আইন বা নীতি-নিৰ্দেশনাৰ কেৱল মাথোঁ তাৎক্ষণিক প্ৰভাৱ নহয় বৰঞ্চ দীৰ্ঘকালীন প্ৰভাৱসমূহ পৰ্যবেক্ষণ কৰাৰ মাজতে নিহিত হৈ আছে; লগতে ই সেই নিৰ্দেশনাৰ পৰিনাম সমূহ কেৱল এক শ্ৰেণীৰ বাবে নহয় বৰঞ্চ সকলো শ্ৰেণীৰ মানুহৰ বাবে বিচাৰি উলিওৱাত নিহিত হৈ আছে ।”

ব্যক্তিগত ভাৱে মই সচকিত হৈ উঠা মূহুৰ্ত সমূহৰ মাজৰ এটা আছিল যেতিয়া, মই অনুভৱ কৰিছিলোঁ যে নতুন মুদ্ৰা জাৰী কৰাটো - বা অধিক মুদ্ৰা ছপা কৰাটো - অন্য সকলো অৰ্থনৈতিক কাৰ্যকলাপতকৈ সম্পূৰ্ণ পৃথক । য’ত সঁচা সামগ্ৰী আৰু সঁচা সেৱাই সঁচা মানুহৰ বাবে সচাকৈ মূল্য বা মান সৃষ্টি কৰে, ছপা মুদ্ৰাই ঠিক তাৰ বিপৰীতটো কৰে: ই মুদ্ৰাস্ফীতি ঘটা মুদ্ৰাবিধ হাতত লোৱা প্ৰত্যেকৰে পৰা মূল্য কাঢ়ি আনে ।

কেৱল মুদ্ৰাস্ফীতি - অৰ্থাৎ পৰিনাম স্বৰূপে মজুৰিবৃদ্ধি আৰু মূল্যবৃদ্ধিৰ সৈতে অধিক মুদ্ৰা জাৰী কৰা কাৰ্যই - দেখাত অধিক চাহিদা সৃষ্টি কৰা যেন লাগিব পাৰে । কিন্তু প্ৰকৃত উৎপাদন আৰু প্ৰকৃত সামগ্ৰীৰ আদান-প্ৰদানৰ ক্ষেত্ৰত এনে হৈ উঠা দেখা নাযায়।

হেনৰী হেজলিট

সামান্য মুদ্ৰাস্ফীতি গৈ ব্যাপক হৈ পৰাৰ লগে লগে মুদ্ৰাস্ফীতিৰ ধ্বংসাত্মক শক্তি প্ৰকট হৈ উঠে । যদি মুদ্ৰাৰ অতিস্ফীতি ঘটে, অতিশীঘ্ৰে ঘটনা বেয়ালৈ ঢাল খায় । স্ফীত-মুদ্ৰা বিধ ভাঙি পৰাৰ সমানে ই সময়ৰ লগত মূল্য সঞ্চয় কৰাত অসমৰ্থ হৈ পৰিব, আৰু মানুহে মূল্য সংৰক্ষণ কৰিব পৰা যিকোনো বস্তু আহৰণ কৰিবলৈ লৰা-ধপৰা লগাব ।

অতিমুদ্ৰাস্ফীতিৰ আন এটা পৰিনাম হ’ল যে গোটেই জীৱন জুৰি মানুহে সঞ্চয় কৰা ধনৰাশিৰ মূল্য নোহোৱা হৈ পৰিব । নিশ্চয়, আপোনাৰ পকেটত থকা কাগজী মুদ্ৰাবোৰ একেই থাকিব, কিন্তু সেয়াই, সেইবোৰ তেতিয়া হৈ পৰিব মাত্ৰ কিছুমান মূল্যহীন কাগজ ।

Hyperinflation in the Weimar Republic (1921-1923)

তথাকথিত ‘সামান্য’ মুদ্ৰাস্ফীতিতো মুদ্ৰাৰ মূল্য হ্ৰাস পায় । মাত্ৰ এয়া ইমান ধীৰে ধীৰে সংঘটিত হয় যে বেছিভাগ মানুহে নিজৰ হেৰাই গৈ থকা ক্ৰয় ক্ষমতাৰ কথা ধৰিবকে নোৱাৰে । আৰু এবাৰ মুদ্ৰা ছপাশালবোৰ চলিবলৈ ধৰিলে, খুব সহজতে মুদ্ৰাৰ স্ফীতি ঘটাব পৰা যায়, আৰু এটা মাত্ৰ চুইছ দবোৱাৰ ফলতে যি সামান্য মুদ্ৰাস্ফীতি ঘটি আছিল সেয়া এহোলোকা ‘অতিমুদ্ৰাস্ফীতি’লৈ ৰূপান্তৰ ঘটিব পাৰে । অৰ্থনীতিবিদ ফ্ৰেডৰিক হায়াকে নিজৰ এটি লেখাত উল্লেখ কৰাৰ দৰে, সামান্য মুদ্ৰাস্ফীতিয়েই সাধাৰণতে গৈ ভৰপক মুদ্ৰাস্ফীতি হৈ উঠে ।

সামান্য, সুস্থিৰ মুদ্ৰাস্ফীতিয়ে (আমাক) কোনোধৰনৰ সহায় নকৰে - বৰঞ্চ ই (বিত্তব্যৱস্থাক) পূৰ্ণগতিৰ মুদ্ৰাস্ফীতিলৈ আগুৱাইহে নিয়ে ।

ফ্ৰেডৰিক হায়াক

মুদ্ৰাস্ফীতিৰ আচৰণ অসাধাৰণভাৱে কুটিল, কিয়নো ই সদায় মুদ্ৰা-ছপাশালৰ নিকতৱৰ্তী মানুহকহে সহায় কৰে । নতুনকৈ ছপোৱা টকাবোৰ বিয়পি যাবলৈ আৰু সেই অনুসৰি বস্তুৰ দাম সালসলনি হ’বলৈ কিছু সময় লাগে, গতিকে যদিহে আনৰ হাতৰ মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাৰ আগতেই আপুনি সৰহ পৰিমাণৰ টকা হাত কৰি ল’ব পাৰে, তেন্তে মুদ্ৰাস্ফীতিৰ গ্ৰাসৰ পৰা আপুনি এখোজ আগুৱাই থাকিব । এই কাৰণতে মুদ্ৰাস্ফীতিক একপ্ৰকাৰৰ “গোপন কৰ” (Hidden Tax) হিচাপেও গণ্য কৰিব পাৰি, কাৰণ অৱশেষত ইয়াৰ পৰা চৰকাৰৰে লাভ হয় য’ত নেকি আন সকলোৱে ইয়াৰ মূল্য ভৰিবলগীয়াত পৰে ।

মই নাভাবো যে ইতিহাসক ‘মুদ্ৰাস্ফীতিৰ ইতিহাস’, বিশেষকৈ ‘চৰকাৰৰ লাভৰ বাবে চৰকাৰে কাৰুকাৰ্য কৰা মুদ্ৰাস্ফীতিৰ ইতিহাস’ বুলি ক’লে কিবা অতিৰঞ্জিত হ’ব ।

ফ্ৰেডৰিক হায়াক

এই পৰ্যন্ত, চৰকাৰ নিয়ন্ত্ৰিত সকলো মুদ্ৰা-ব্যৱস্থাকে অৱশেষত হয় সলনি কৰা হৈছে নহয় সম্পূৰ্ণৰূপে বিলোপ ঘটিছে । মুদ্ৰাস্ফীতিৰ হাৰ যিমানেই সামান্য নহওক কিয়, “স্থিৰ” হাৰত মুদ্ৰাস্ফীতি” বৃদ্ধি হোৱা বুলি কোৱাটো “দ্ৰুত হাৰত” বৃদ্ধি বুলি কোৱাৰ আন এক ধৰণ মাথোঁ । অৰ্থনীতিৰ দৰে প্ৰকৃতিটো, দ্ৰুত হাৰত বৃদ্ধি পোৱা সকলো বস্তুৱেই অৱশেষত হয় সমান্তৰ অৱস্থালৈ আহিব, অথবা সমূলাঞ্চে বিনাশ ঘটিব ।

হয়তো আপুনি ভাবিছে, “মোৰ দেশত এনে ঘটিব নোৱাৰে” । আপুনি এনেকৈ নাভাবিব যদিহে আপুনি ভেনিজুৱেলা দেশৰ বাসিন্দা, যিয়ে বৰ্তমান অতিমুদ্ৰাস্ফীতিত ভুগি আছে । এক নিযুত শতাংশ মুদ্ৰাস্ফীতিৰ হাৰৰ সৈতে মুঠৰ ওপৰত ভেনিজুৱেলাৰ মুদ্ৰা এতিয়া মূল্যহীন ।

হয়তো অহা কেইবছৰমানৰ ভিতৰতে, অথবা আপোনাৰ দেশৰ নিৰ্দিষ্ট মুদ্ৰাবিধৰ ক্ষেত্ৰত এনে নঘটিবও পাৰে । কিন্তু ঐতিহাসিক মুদ্ৰা-তালিকা খনত এবাৰ চকু ফুৰালে দেখা যায় যে এক পৰ্যাপ্ত দীৰ্ঘকালৰ মূৰত অনিবাৰ্যভাবে এদিন এনে নিশ্চয় ঘটিব । তালিকাভুক্ত বহুকেইবিধ মুদ্ৰা মই ব্যৱহাৰ কৰিছোঁ, বা মোৰ মনত পৰিছে: অষ্ট্ৰিয়াৰ চিলিং, জাৰ্মানীৰ মাৰ্ক, ইটালীৰ লীৰা, ফৰাচী ফ্ৰেংক, আয়াৰলেণ্ডৰ পাউণ্ড, ক্ৰ’ৱেছিয়াৰ ডীনাৰ ইত্যাদি। মোৰ আইতাই আনকি অষ্ট্ৰিয়-হাংগেৰিয় ‘ক্ৰ’ন’ মুদ্ৰাও ব্যৱহাৰ কৰি পাইছে । সময় পাৰ হোৱাৰ লগে লগে, বৰ্তমান প্ৰচলিত মুদ্ৰাসমূহও লাহে ধীৰে, কিন্তু নিশ্চিতভাৱে নিজ শ্মশানলৈ গমন কৰিব । এইবোৰে হয় অতিমুদ্ৰাস্ফীতিত ভুগিব অথবা ইহঁতক সলাই পেলোৱা হ’ব । সোনকালে এইবোৰো একোটা ঐতিহাসিক মুদ্ৰা হৈ পৰিব, আমি নিজেই ইহঁতক অপ্ৰচলিত কৰি তুলিম ।

ইতিহাসে কয় যে চৰকাৰ সমূহ মুদ্ৰাৰ যোগান বৃদ্ধিৰ লোভত পৰাটো অনিবাৰ্য ।

চেইফডিন এম’আছ

বিটকইননো পৃথক কিয়? চৰকাৰৰ দ্বাৰা প্ৰচলিত মুদ্ৰাসমূহৰ বিপৰীতে, চৰকাৰৰ সলনি পদাৰ্থ বিজ্ঞানৰ নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা বিত্তীয় সম্পদবোৰে সময়ৰ সৈতে বাচি থকাৰ আৰু নিজৰ মূল্য সংৰক্ষণ কৰি ৰখাৰ এক প্ৰৱণতা দেখুৱায় । এতিয়ালৈকে এনে সম্পদৰ সৰ্বোৎকৃষ্ট উদাহৰণ হ’ল সোণ, যি Gold-to-Decent-Suit Ratio ত দেখুওৱা মতে, যোৱা শতিকাজুৰি, আৰু আনকি হাজাৰ বছৰ জুৰি নিজ মূল্য ৰক্ষা কৰি আহিছে। প্ৰথমে, মান নিৰূপক হিচাপে সোণ হৈছে এক প্ৰশ্নবোধক ধাৰণা - যি সম্পুৰ্ণৰূপে সুস্থিৰ নহবও পাৰে - কিন্তু অন্ততঃ ই ধৰি ৰখা মূল্যৰ পৰিমাণ প্ৰায় সদায় সমান জোখতে থাকিব।

যদিহে এটা বিত্তীয় সম্পদ বা মুদ্ৰা ব্যৱস্থাই সময় আৰু স্থান ভেদেও নিজ মূল্য অক্ষুন্ন ৰাখিব পাৰে তেন্তে তাক ‘কঠিন/শিথিল’ বুলি গণ্য কৰা হয় । যদিহে ই নিজৰ মূল্য ধৰি ৰাখিব নোৱাৰে, কাৰণ ইয়াৰ সহজতে অৱনতি বা মুদ্ৰাস্ফীতি ঘটে, তেন্তে তাক ‘নৰম বা কোমল মুদ্ৰা’ বুলি গণ্য কৰা হয় । বিটকইনক বুজিবলৈ আৰু তাৰ অধিক পুংখানুপুংখ ভাৱে পৰীক্ষণ কৰিবলৈ মুদ্ৰাৰ এই কঠিনতা বা শিথিলতাৰ ধাৰণাটো অত্যাৱশ্যকীয় । আমি এই অধ্যায়ৰ শেষত, ‘শিথিল মুদ্ৰা’ পাঠত এইবিষয়টোলৈ আকৌ উভতি আহিম ।

যিমানে অধিক সংখ্যক দেশ অতিমুদ্ৰাস্ফীতিৰ গ্ৰাসত পৰিব, সিমানে অধিক সংখ্যক মানুহে কঠিন আৰু কোমল মুদ্ৰাৰ বাস্তৱিকতাৰ সন্মুখীন হ’বলগীয়া হ’ব । যদি আমাৰ ভাগ্য ভাল, হয়তো কিছুমান কেন্দ্ৰীয় বেংকাৰেও তেওঁলোকৰ মুদ্ৰানীতিবোৰৰ পুনৰ মূল্যাঙ্কন কৰিবলৈ বাধ্য হ’ব পাৰে । ফলাফল যিয়েই নহওঁক কিয়, বিটকইনৰ জহত মই লাভ কৰা জ্ঞান, সম্ভৱত এদিন মহা-মূল্যবান হৈ পৰিব ।

বিটকইনে মোক মুদ্ৰাস্ফীতিত লুকাই থকা গোপন কৰ আৰু অতিমুদ্ৰাস্ফীতিৰ সাম্ভাব্য বিপর্যয়ৰ বিষয়ে শিকালে ।