“মোৰ ডেকা কালত,” - ধূলিয়ৰী তলাবোৰ জোকাৰি সন্যাসীজনে কৈ গ’ল - “এই মলমটো সানিয়েই মই মোৰ হাত-ভৰিবোৰ নৰম কৰি ৰাখিছিলোঁ । দাম এপেকেটত পাঁচ ছিলিং - ৰ’বা তোমাকো ইয়াৰ দুটামান বেচো…”

ধননো কি ? সদায় আমি ইয়াৰ ব্যৱহাৰ কৰো, তথাপি আশ্চৰ্যজনকভাৱে এই প্ৰশ্নটোৰ সহজে উত্তৰ দিব নোৱাৰো । ইয়াৰ ওপৰতে আমি সৰু-বৰ ভিন্ন প্ৰকাৰে নিৰ্ভৰশীল, আৰু যদি আমাৰ হাতত ইয়াৰ পৰিমাণ কমি যায় তেন্তে আমাৰ জীৱন যাপনেই খুব জটিল হৈ পৰে । তাৰপিছটো আমি সেই বস্তুটোৰ বিষয়ে খুব কেতিয়াবাহে চিন্তা কৰো, যিটোৱে নেকি প্ৰতীকী ৰূপত গোটেই পৃথিৱীখন ঘূৰাই ৰাখিছে । বিটকইনে মোক বাৰম্বাৰ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ বাধ্য কৰালে: ধন নো কি ?

আমাৰ “আধুনিক” সমাজখনত অধিকাংশ মানুহেই ‘ধন-বিত’ বুলিলে সাধাৰণতে কাগজত ছপোৱা সেই নোটখনৰ কথাকে বুজে (যাক আমি ‘টকা’ বুলি জানো), যদিওবা আমাৰ অধিকাংশ ধন কেৱল বেংকৰ একাউণ্টত থকা একোটা সংখ্যাহে মাথোঁ । শূণ্য আৰু এক ব্যৱহাৰ কৰি ইতিমধ্যে আমাৰ বেংকবোৰে আমাৰ ধনৰ ডিজিটেল ৰূপটো ধৰি ৰাখিছেই, তেন্তে বিটকইন নো পৃথক হ’ল কেনেকৈ ? বিটকইন এইবাবেই পৃথক যে মূলতঃ বৰ্তমান আমাৰ ব্যৱহৃত মুদ্ৰা বা ‘ধন’বোৰতকৈ ই এবিধ বেলেগ ‘প্ৰকাৰ’ৰ ধন । ইয়াকে বুজিবলৈ, আগেয়ে আমি ধন নো কি, ই কেনেকৈ আহিল, আৰু অধিকাংশ ব্যৱসায়ৰ ইতিহাসত সোণ আৰু ৰূপ কিয় ব্যৱহাৰ কৰা হৈছিল সেয়া ওচৰৰ পৰা নিৰীক্ষণ কৰিব লাগিব ।

এই অৰ্থত, ই মূল্যবান ধাতুবোৰৰ সদৃশ । মূল্যৰ স্থিৰতা ধৰি ৰাখিবলৈ যোগানৰ কম-বেছি হোৱাৰ সলনি, যোগান পূৰ্ব-নিৰ্ধাৰিত হৈ থাকে আৰু সেই অনুসৰি মূল্যৰ পৰিবৰ্তন ঘটে ।

ছাট’চি নাকাম’ট’

শামুকৰ খোলা, সোণ-ৰূপ, কাগজ, বিটকইন - সদৌ শেষত, আকাৰ আৰু প্ৰকাৰ নিৰ্বিশেষে, ‘ধন হিচাপে মানুহে যিহকে ব্যৱহাৰ কৰে সিয়েই হৈছে ধন’।

ধনৰ উদ্ভাৱন হৈছে এক চমৎকাৰী উদ্ভাৱন । ধন বিহীন এখন পৃথিৱী হ’ব অত্যন্ত জটিল: কিমানটা মাছ দি মই এযোৰ নতুন জোতা কিনিব পাৰিম ? কিমানজনী গৰু দি মই ঘৰ এটা কিনিব পাৰিম ? কি হ’ব যদিহে এইমুহূৰ্ত্তত মোক একো বস্তুৰ দৰকাৰ নাই কিন্তু সোনকালে বেয়া হৈ যাব পৰা মোৰ আপেলবোৰ মই এৰিব বিচাৰো ? বিনিময়-অৰ্থনীতি এখন যে ভীষণভাৱে অপচয়মূলক সেয়া বুজিবলৈ আমাক বেছি কল্পনা শক্তিৰ প্ৰয়োজনেই নহয় ।

ধন-বিতৰ আটাইতকৈ ভাল কথাটো হ’ল যে ইয়াক যিকোনো বস্তুৰ সৈতে বিনিময় কৰিব পাৰি - ইয়েই হৈছে ধন উদ্ভাৱনৰ মূল ! চিন্তাবিদ নিক ছাব’ (Nick Szabo) ৱে নিজ প্ৰবন্ধ Shelling Out: The Origins of Money ত সুন্দৰভাৱে ব্যাখ্যা কৰিছে যে আমি মানুহবোৰে সকলো ধৰণৰ বস্তুকে ধন বা মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিছো, যেনে: দুৰ্লভ পদাৰ্থ যেনে হাতীদাঁত, শামুকৰ খোলা বা বিশেষ হাঁড় আদিৰে তৈয়াৰী মনি-মুকুতা, বিভিন্ন ধৰণৰ অলংকাৰ, আৰু পিছলৈ দুৰ্লভ ধাতু যেনে সোণ-ৰূপ আদি।

এলেহুৱা প্ৰাণী হোৱা হেতুকে, যিবোৰ বস্তুৱে ঠিকে ঠাকে কাম কৰি আছে সেইবোৰৰ বিষয়ে আমি বেছি চিন্তা নকৰো । আমাৰ বেছিভাগৰ ক্ষেত্ৰতে, মুদ্ৰাই, ঠিক ঠাক কাম কৰি থাকে । ঠিক আমাৰ গাড়ীখন বা কম্পিউটাৰটোৰ দৰে, যাৰ ভিতৰৰ কাৰ্যপ্ৰণালীৰ বিষয়ে আমি তেতিয়াহে চিন্তা কৰিবলৈ বাধ্য হওঁ যেতিয়া এইবোৰে কাম কৰা বন্ধ কৰি দিয়ে । যিয়ে নিজৰ জীৱনৰ সমস্ত সঞ্চয়ৰ ধন অতি-মুদ্ৰাস্ফীতিৰ ফলত নোহোৱা হৈ পৰা দেখিছে, তেওঁহে ‘কঠিন মুদ্ৰা’ৰ মোল বুজে, ঠিক যেনেকৈ যিয়ে অত্যাচাৰী নাজী জাৰ্মানী বা ছোভিয়েট ৰাছিয়াৰ বাবে নিজৰ বন্ধু বা পৰিয়াল নোহোৱা হৈ পৰা দেখিছে তেওঁহে গোপনীয়তাৰ মোল বুজে ।

ধন বা মুদ্ৰা হৈছে সৰ্বাত্মক । সংসাৰৰ সমস্ত লেন দেনৰ অৰ্ধেক অংশ মুদ্ৰাৰে সম্পাদিত হয়, যিয়ে নেকি মুদ্ৰা তৈয়াৰ কৰা সকলৰ হাতত প্ৰচুৰ শক্তি-সামৰ্থ্য তুলি দিয়ে ।

যিহেতু সমগ্ৰ ব্যৱসায়িক লেনদেনৰ আধা অংশ মুদ্ৰাৰ ভিত্তিতে চলে আৰু একোটা সভ্যতাৰ উত্থান-পতন তেওঁলোকৰ মুদ্ৰাৰ মানদণ্ডৰ ভিত্তিতে ঘটে, সেই হিচাপত আমি যেন নিশাৰ আন্ধাৰত লুকাই থকা এক অতি প্ৰবল শক্তিৰ বিষয়ে আলোচনা কৰি আছো । এয়া হৈছে বিভ্রম সৃষ্টিৰ ক্ষমতা, যি বিভ্রম তেতিয়ালৈকে টিকি থাকে যেতিয়ালৈকে এই মুদ্ৰাবোৰ চলি থাকে ।”

ৰন পল

শান্তভাৱে বিটকইনে এই ক্ষমতা আঁতৰাই নিয়ে, যিহেতু ই কোনো বল প্ৰয়োগ নকৰাকৈ মুদ্ৰাৰ সৃষ্টি বাধিত কৰে ।

মুদ্ৰাই বহুকেইটা পুনৰাবৃত্তিৰ মাজেৰে গতি কৰিছিল । ইয়াৰে অধিকাংশ ভালৰ বাবেই হৈছিল, যিয়ে আমাৰ মুদ্ৰাক কিবা নহয় কিবা প্ৰকাৰে উন্নীত কৰিছিল । তথাপিও, শেহতীয়াকৈ আমাৰ মুদ্ৰা ব্যৱস্থাৰ আভ্যন্তৰীণ কাৰ্য্য-প্ৰণালী দূষিত হৈ পৰিল । আজিৰ দিনত, আমাৰ প্ৰায় আটাইখিনি ধন সেই ক্ষমতাশালী পক্ষৰ দ্বাৰা বতাহতে বনোৱাৰ দৰে সৃষ্টি কৰা হয় । এই অৱস্থা কেনেকৈ হ’বলৈ পালে সেয়া বুজিবলৈ মই মুদ্ৰাৰ ইতিহাস আৰু পৰৱৰ্তী কালত তাৰ পতনৰ বিষয়ে বুজিব লাগিব ।

এই দুৰ্নীতি ৰোধিবলৈ এলানি আৰ্থিক দুৰ্যোগৰ প্ৰয়োজন হ’ব নে এক উল্লেখনীয় শৈক্ষিক প্ৰয়াসেই যথেষ্ট হ’ব সেয়া হ’ব লক্ষণীয় । সুস্থিৰ মুদ্ৰাৰ দেৱতাসকলক মই প্ৰাৰ্থনা কৰো যাতে ইয়াৰে দ্বিতীয়টো হে হোৱা আমি দেখিবলৈ পাওঁ ।

বিটকইনে মোক শিকালে মুদ্ৰা বা ধননো কি ।