পাঠ ০৩ : প্ৰতিলিপিকৰণ আৰু স্থানীয়তা | বিটকইন একবিংশতি (21 Lessons)

Translated from:
Lesson 3 : Replication and locality (21 Lessons by Dergigi)

তাৰপিছত এটি খঙাল মাত ভাঁহি আহিল - শহাটোৰ - "পেত, পেত ! ক’ত আছা তুমি ?"

কোৱান্টাম প্ৰযুক্তিৰ কথা আঁতৰাই থ’লে, পাৰ্থিৱ পৃথিৱীখনত স্থানীয়তাক লৈ কোনো সমস্যা দেখা নাযায় । “অমুক ক’ত আছে” বোলা প্ৰশ্নটোৰ সদায় এটা অৰ্থপূৰ্ণ উত্তৰ দিব পৰা যায়, লাগে ইয়াত ‘অমুক’ এটা বস্তুৱেই হওক বা মানুহ । কিন্তু ডিজিটেল পৃথিৱীখনত “ক’ত আছে” বোলাটোৱেই এটা জটিল প্ৰশ্ন, যদিওবা ইয়াৰ উত্তৰ দিয়াটো অসম্ভৱ নহয় । আচলতে, আপোনাৰ ই-মেইল বিলাকনো আছে ক’ত ? যেনতেন উত্তৰ এটা দিব হ’লে – ‘ক্লাউড (cloud)’ ত আছে, যি নেকি মূলতঃ বেলেগ কাৰোবাৰ এটা কম্পিউটাৰেই । তথাপিও, আপুনি যদি ই-মেইলবোৰ জমা হৈ থকা প্ৰত্যেকটো কম্পিউটাৰ চিষ্টেম বিচাৰি উলিয়াব বিচাৰে, ক’ব গ’লে আপুনি ই-মেইলবোৰ বিচাৰি উলিয়াব পাৰিব ।

বিটকইনৰ ক্ষেত্ৰত, এই “ক’ত” বোলা প্ৰশ্নটো সচাই জটিল । প্ৰকৃততে আপোনাৰ বিটকইনবোৰ আছেনো ক’ত ?

মই চকু মেলিলো, চৌপাশে চালোঁ, আৰু অস্ত্ৰোপচাৰৰ পিছৰ সেই এৰাব নোৱাৰা, সদায় চলি অহা বিষাদপূৰ্ণ প্ৰশ্নটো সুধিলোঁ : ‘মই ক’ত আছোঁ ?’

সমস্যাটো দুমুখীয়া । প্ৰথমে, বিতৰণকৃত হিচাপৰ ক্ৰমটো সম্পূৰ্ণ প্ৰতিলিপি আকাৰত বিতৰণ কৰা হয়, অৰ্থাৎ হিচাপ ক্ৰমটো সকলোতে উপলব্ধ । দ্বিতীয়তে, বিটকইনবোৰ ক’তো নাই । কেৱল পাৰ্থিৱ ৰূপতে নহয়, কাৰিকৰী ৰূপটো নাই ।

বিটকইনক প্ৰতিনিধিত্ব কৰা কোনো বাহ্যিক সত্ত্বাক লক্ষ্য নকৰাকৈয়ে বিটকইন ব্যৱস্থাই একোযোৰ খৰছ নোহোৱা লেনদেনৰ হিচাপক অনুসৰণ কৰে । এই ব্যয়বিহীন লেনদেনৰ হিচাপবোৰ লক্ষ্য কৰি আৰু প্ৰতিটো লেনদেনক ১০০ নিযুতৰ ভিত্তিত হিচাপ কৰি একোটা বিটকইনৰ অস্তিত্ব অনুধাৱন কৰা হয় ।

প্ৰবাহিত ৰূপত, এই মূহুৰ্তত ই আছেনো ক’ত ? […] প্ৰথম কথা, ক’তো একো বিটকইন নাই । নাই মানে নাই । ইয়াৰ একো অস্তিত্বই নাই । মাথোঁ এক হিচাপ শৃখংলাত কিছুমান লেনদেনৰ হিচাপ হে আছে যাক মানুহৰ মাজত বিলাই থোৱা হৈছে । […] মূলতঃ এই হিচাপ শৃংখলটি সকলো ঠাইতে বিৰাজমান । ভূগোলৰ তথ্যবোৰো ইয়াত অৰ্থহীন – যি আপোনাক ইয়াত নিজ দস্তাবেজ বিচাৰি উলিওৱাত সহায় কৰিব নোৱাৰে ।

গতিকে যেতিয়া আপুনি কয় যে “মোৰ হাতত বিটকইন আছে”, তেতিয়া আচলতে আপোনাৰ হাতত থাকেনো কি, যদিহে বিটকইন ক’তো নায়েই ? মনত আছেনে বাৰু সেই যে আপোনাৰ বিটকইন ৱালেটতো চলোৱাৰ সময়ত এগালমান আচহুৱা শব্দ লিখি ৰাখিব লগীয়া হৈছিল ? দেখা গ’ল যে সেই যাদুকৰী শব্দবোৰেই হে আপোনাৰ হাতত আছে : এক যাদুকৰী মন্ত্ৰ, যাক প্ৰয়োগ কৰি ৰাজহুৱা হিচাপ শৃংখলটিত কিছুমান নতুন হিচাপ সংযোগ কৰিব পৰা যায় – যি হৈছে কিছু বিটকইন স্থানান্তৰ কৰাৰ চাবি-কাঠি । সেয়েহে, প্ৰতিটো উদ্দেশ্য আৰু প্ৰয়াসতে, আপোনাৰ নিজস্ব চাবি (Private key) বোৰেই হৈছে আপোনাৰ বিটকইন । যদিহে ভাবিছে যে এই আটাইবোৰ কথা মই সজাই পৰাই লৈছোঁ, তেন্তে মুকলি মনেৰে আপোনাৰ প্ৰাইভেট কী মোক দি দিব পাৰে ।

বিটকইনে মোক শিকালে যে স্থানীয়তা এক জটিল কাৰবাৰ ।