পাঠ ০৭ : জ্ঞানৰ সীমা | বিটকইন একবিংশতি (21 Lessons)

Translated from:
Lesson 7 : The limits of knowledge (21 Lessons by Dergigi)

"তললৈ, তললৈ, আৰু তললৈ । এই স্খলন কেতিয়াও শেষ নহ’বই নেকি ?"

বিটকইনত সোমাই পৰাটো এক সুখদায়ক অনুভৱ । মই ভাবিছিলোঁ যে কথাবোৰ মোৰ জ্ঞাত আছিল । ভাবিছিলোঁ যে মই শিক্ষিত আছিলোঁ । ভাবিছিলোঁ অন্ততঃ মই কম্পিউটাৰ বিজ্ঞান জানিছিলোঁ । বহু বছৰ ধৰি মই ইয়াকে অধ্যয়ন কৰিছিলোঁ, গতিকে ডিজিটেল স্বাক্ষৰ, হেছ, এনকৃপচন, কাৰ্যকৰী নিৰাপত্তা আৰু নেটৱৰ্ক আদিবোৰৰ বিষয়ে মই নিশ্চয় জানিব লাগিব, ঠিক ?

ভুল !

বিটকইনক কাৰ্যক্ষম কৰি ৰখা সকলো মৌলিক তত্ব শিকি উঠাটো কঠিন কাম । আৰু সেই গোটেই তত্ববোৰ গভীৰভাৱে বুজি উঠাটো প্ৰায় সম্ভাৱনাৰ সীমা পাৰ হৈ যোৱা বিধৰ কথা ।

বিটকইন গহ্বৰৰ শেষ প্ৰান্ত কোনেও বিচাৰি উলিয়াব পৰা নাই ।

মোৰ পঢ়িব লগা কিতাপৰ তালিকাখন মই পঢ়িব পৰা সাম্ভাব্য গতিতকৈ বহু বেছি দ্ৰুততাৰে সম্প্ৰসাৰিত হৈ গৈ আছে । পঢ়িবলগীয়া পত্ৰ-প্ৰবন্ধ আদিৰ তালিকা প্ৰায় অন্তহীন । কেৱল এইবোৰ বিষয়তে মই কোনোকালে শুনি শেষ কৰিব পৰাতকৈও অধিক পডকাষ্ট আছে । প্ৰকৃতাৰ্থতে ই এক সুখদায়ক অনুভৱ । তদুপৰি, বিটকইন এতিয়াও বিকশিত অৱস্থাত আছে, আৰু ইয়াৰ ক্ৰমবৰ্ধমান উদ্ভাৱনৰ হাৰৰ সমানে আমাৰ জ্ঞানৰ নৱীকৰণ ঘটা প্ৰায় অসম্ভৱ । বিটকইন ব্যৱস্থাৰ প্ৰথম স্তৰৰ ধূলি উৰি শেষ নহওতেই মানুহে দ্বিতীয় স্তৰ বনায়েই পেলালে, আৰু এতিয়া তৃতীয় স্তৰৰ কামো আগুৱাই লৈ গৈ আছে ।

বিটকইনে মোক শিকালে যে প্ৰায় সকলো বিষয়তে মই খুব সামান্য কথাহে জানো । ই মোক শিকালে যে বিটকইনৰ এই গহ্বৰটি তলি বিহীন ।