“ক্ষমা কৰিবা…”- চেলাউৰী থুপাই, অথচ খুব ভদ্ৰভাৱে নিগনিটোৱে ক’লে - “তুমি কিবা কৈছিলা ?”

বিটকইন হৈছে এটা ধাৰণা । এনে এটা ধাৰণা, যি ইয়াৰ বৰ্তমান ৰূপত, সম্পূৰ্নভাৱে লিখনিৰ শক্তিৰে চালিত এক যন্ত্ৰবিশেষ প্ৰদৰ্শিত কৰে । বিটকইনৰ প্ৰতিটো দিশ হৈছে মাথোঁ লিখনি : শ্বেতপত্ৰখনি হৈছে লিখনি । ইয়াৰ ন’ডবোৰে চলাই থকা চফ্টৱেৰটো হৈছে লিখনি । হিচাপমালা (ledger) খন হৈছে লিখনি । লেনদেনবোৰ লিখনি । পাব্লিক আৰু প্ৰাইভেট কী বোৰো লিখনি । বিটকইনৰ সকলো দিশেই লিখনি, আৰু সেয়েহে ই হৈছে বক্তব্য সম ।

সংসদে এনে কোনো আইন ৰচনা কৰিব নালাগে যি কোনো ধৰ্মীয় প্ৰতিষ্ঠানক সন্মান দিয়ে, অথবা তাৰ মুক্ত কাৰ্যকলাপক বাধা দিয়ে, অথবা সংবাদ মাধ্যমৰ স্বাধীনতা বা বাক-স্বাধীনতা বা জনগণৰ শান্তিপূৰ্ণ সমাগম আৰু চৰকাৰৰ বিপক্ষে গোচৰ তৰাৰ অধিকাৰ খৰ্ব কৰে ।

আমেৰিকা যুক্তৰাষ্ট্ৰীয় সংবিধানৰ প্ৰথম সংশোধনী

যদিওবা ক্ৰীপ্ট-যুদ্ধৰ অন্তিম সংঘাতখন এতিয়ালৈকে হোৱা নাই, লাগে সম্পূৰ্ণ লিখিতৰূপৰ বাৰ্তা-বিনিময় ভিত্তিক ধাৰণা এটাৰ কথা এৰিলোৱেই যেনিবা, তথাপি সাধাৰণ ধাৰণা এটাকো অপৰাধমূলক বুলি অভিহিত কৰা সহজ নহয় । যেতিয়াই চৰকাৰ এখনে কোনো লিখনি বা বক্তব্যক নিষিদ্ধ কৰাৰ চেষ্টা কৰে, তেতিয়াই আমি অংলগ্নতাৰ এনে এক পথত নামি যাওঁ যিয়ে অনিবাৰ্য ভাৱে আমাক ‘নিষিদ্ধ সংখ্যা’ (illegal numbers) আৰু ‘নিষিদ্ধ মৌলিক সংখ্যা’ (Illegal primes) ৰ দৰে ঘৃণনীয় বিষয়ৰ ওচৰ পোৱাইগৈ ।

যেতিয়ালৈকে বিশ্বৰ কোনোবা এটা অংশত হ’লেও স্বৰাজ্যত থকাৰ দৰে বক্তব্য স্বতন্ত্ৰ হৈ থাকিব, বিটকইনো অ-প্ৰতিৰোধ্য হৈ ৰ’ব ।

কোনো বিটকইন লেনদেনতে এনেকুৱা এটা বিন্দু নাই য’ত বিটকইন এক লিখনি হৈ থকা নাই । ই সদায়, সম্পূৰ্ণৰূপে লিখনি । […]

বিটকইন হ’ল লিখনি । বিটকইন হ’ল বক্তব্য । নিশ্চিত মৌলিক অধিকাৰ সমূহৰ সৈতে আৰু এটি প্ৰথম সংশোধনীৰ সৈতে যি স্পষ্টভাৱে চৰকাৰী পৰ্যবেক্ষণৰ পৰা সংগৃহীত তথ্য প্ৰচাৰ কৰা কাৰ্যক স্পষ্টভাৱে আঁতৰাই ৰাখে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে এখন মুক্ত দেশত ইয়াক শাসন কৰিব নোৱাৰি ।

বিউটায়ন (Beautyon)

বিটকইনে মোক শিকালে যে এখন মুক্ত সমাজত, মুক্ত বক্তব্য আৰু মুকলি চফ্টৱেৰবোৰ অ-প্ৰতিৰোধ্য ।