পাঠ ০৪ : পৰিচিতি/পৰিচয়ৰ সমস্যা | বিটকইন একবিংশতি (21 Lessons)

Translated from:
Lesson 4 : The problem of identity (21 Lessons by Dergigi)

"কোন তুমি ?" - পলুটোৱে সুধিলে

In Regards to a bat শীৰ্ষক প্ৰবন্ধত প্ৰফেছৰ থমাছ নেগ’লে আগবঢ়োৱা এই একেটা প্ৰশ্নৰ মূল্যাংকনৰ প্ৰতি শ্ৰদ্ধা নিবেদী নিক কাৰ্টাৰে এটি সুন্দৰ লেখা আগবঢ়াইছে য’ত এই প্ৰশ্নটো আলোচনা কৰা হৈছে : “এটা বিটকইন হ’বলৈ কেনে লাগে (What is it like to be a Bitcoin) ?” তাত তেওঁ সুন্দৰভাৱে দেখুৱাইছে যে সাধাৰণতে ৰাজহুৱা ব্লকচেইন বা ব্লকশৃংখল সমূহে, আৰু বিশেষকৈ বিটকইন ব্লকশৃংখলে, ঠেছিয়াছৰ জাহাজ (Ship of Theseus) ৰ দৰে একে সমস্যাত ভোগে যে – কোনটো বিটকইন প্ৰকৃত বিটকইন ?

বিটকইনৰ উপাদান সমুহৰ স্থিৰতা বা দৃঢ়তা কিমান সামান্য মাথোঁ বিবেচনা কৰি চাওক । বিটকইনৰ সমগ্ৰ কোডপৃষ্ঠ ইতিমধ্যে পুনৰনিৰ্মান, সম্পাদনা আৰু বিস্তাৰ এনেভাৱে ঘটোৱা হৈছে যে ইয়াৰ মূল ৰূপৰ সৈতে সামঞ্জস্য প্ৰায় নোহোৱা হৈ পৰিছে । লেনদেনৰ হিচাপ শৃখংলাডালেই এই নেটৱৰ্কটোৰ প্ৰায় একমাত্ৰ স্থিৰ বা দৃঢ় এক বৈশিষ্ট হৈ ৰৈছে । […] প্ৰকৃত নেতৃত্বহীন হিচাপে বিবেচিত হ’বলৈ হ’লে, কোনো এটি নিৰ্দিষ্ট শৃংখলাক বৈধ বুলি নিৰ্ধাৰণ কৰিব পৰা এটি কৰ্তৃপক্ষ থকা সহজ উপায়টো আপুনি পৰিহাৰ কৰিবই লাগিব ।

দেখা যায় যে প্ৰযুক্তিৰ অগ্ৰগতিয়ে আমাক এই দাৰ্শনিক প্ৰশ্নবোৰ গুৰুত্ব সহকাৰে ল’বলৈ জোৰ দি আহিছে । অনতিপলমে, স্বয়ংচালিত গাড়ীবোৰে কাৰ জীৱন গুৰুত্বপূৰ্ণ আৰু কাৰ নহয়, এই নৈতিক সিদ্ধান্ত ল’বলগীয়া বাস্তৱ পৃথিৱীৰ ‘ট্ৰলি সমস্যা’ (Trolley Problem) ৰ সন্মুখীন হ’ব লাগিব ।

ক্ৰীপ্ট’ মুদ্ৰাবোৰে, বিশেষকৈ প্ৰথমটো বিতৰ্কিত উপ-শৃংখল (hard-fork) অহাৰে পৰা, আমাক পৰিচিতি স্থাপনৰ অধিবিদ্যাৰ বিষয়ে বিবেচনা আৰু সহমত স্থাপনত জোৰ দিয়ালে । আকর্ষণীয়ভাৱে, বৰ্তমানলৈকে আমি পোৱা ক্ৰিপ্টমুদ্ৰাৰ আটাইতকৈ ডাঙৰ উদাহৰণ দুটাই এই বিষয়ত দুটা ভিন্ন উত্তৰ প্ৰদান কৰিলে । ২০১৭ চনৰ পহিলা আগষ্টত বিটকইন নেটৱৰ্ক দুটা ভাগত বিভক্ত হৈ পৰিল । বজাৰে নিৰ্ধাৰণ কৰিলে যে অ-সম্পাদিত মূল শৃংখলটিয়েই হ’ল আচল বিটকইন শৃংখল । আকৌ, তাৰ এবছৰ পূৰ্বে, অক্টোবৰ মাহৰ ২৫ তাৰিখে, ইথিৰিয়াম (Ethereum) নেটৱৰ্ক দুভাগত বিভক্ত হৈছিল । আৰু বজাৰে নিৰ্ধাৰণ কৰিছিল যে সম্পাদিত নতুন শৃংখলটিহে প্ৰকৃত ইথিৰিয়াম শৃংখল ।

যদি সঠিকভাৱে বিকেন্দ্ৰিকৰণ কৰা হয়, তেন্তে ঠেছিয়াছৰ জাহাজে উত্থাপন কৰা প্ৰশ্নবোৰৰো চিৰস্থায়ী সমাধান উলিয়াব লাগিব, অন্ততঃ যেতিয়ালৈকে মূল্য-বিনিময়ৰ এই নেটৱৰ্কবোৰ থাকিব ।

বিটকইনে মোক শিকালে যে বিকেন্দ্ৰিকৰণ পৰিচিতিৰ বিৰুদ্ধে যায় ।