এইটো আছিল সেই বগা শহাটো, যি আকৌ লাহে লাহে উভতি আহিছিল, আৰু যাওঁতে উদ্বিগ্নতাৰে ঘূৰি ঘূৰি চাই গৈছিল, যেন সি কিবা এটা হেৰুৱালে…
মূল্য হৈছে কিছু পৰিমানে এক দুমুখীয়া ধাৰণা, আৰু এনেকুৱা অনেক তত্ত্ব আছে যি কিছুমান বস্তুক আমি আন বস্তুতকৈ কিয় অধিক মূল্য দিওঁ সেয়া ব্যাখ্যা কৰাৰো প্ৰয়াস কৰিছে । হাজাৰ বছৰ ধৰি মানুহে মূল্যৰ এই স্ব-বিৰোধীতাৰ বিষয়ে জ্ঞাত হৈ আহিছে । দাৰ্শনিক প্লেটোৱে “ইউথিডেমাছ” (Euthydemus by Plato) গ্ৰন্থত লিখিছে যে কিছুমান বস্তুক আমি তাৰ দুষ্প্ৰাপ্যতাৰ ভিত্তিতে মূল্য প্ৰদান কৰো, সেইবোৰৰ আমাৰ জীৱন যাপনৰ বাবে থকা প্ৰয়োজনীয়তাৰ ভিত্তিত নহয় ।
আৰু যদিহে তুমি বুদ্ধিমান তুমি নিজৰ শিষ্যবোৰকো এই একে উপদেশ দিবা - যে সিহঁতে কেতিয়াও তোমাৰ সৈতে আৰু নিজৰ মাজতে কথা পতাৰ বাদে আন কাৰো লগত কথা পতা নিষেধ । যিহেতু এয়া (কথা বতৰা) হ’ব দুৰ্লভ, এয়াই হৈ পৰিব মূল্যবান, ইউথিডেমাছ, য’ত নেকি কবি পিন্দৰে কোৱাৰ দৰে, পানীৰ দাম নগণ্য, যদিওবা (সম্পদৰ ভিতৰত) ইয়েই শ্ৰেষ্ঠ (আৰু সুলভ) ।
মূল্যৰ এই স্ব-বিৰোধিতাই (Paradox of value) আমি মানুহবোৰৰ বিষয়ে এটা আমোদজনক কথা দেখুৱাই : যে আমি নিজ অভ্যন্তৰীণ বিচাৰ-ধাৰাৰ দ্বাৰা বস্তুবোৰৰ মূল্য প্ৰদান কৰো, কিন্তু এই মূল্যবোৰ কোনো ভিত্তিহীন ধৰণেৰে প্ৰদান কৰা নহয় । বিভিন্ন কাৰণত কিবা এবিধ বস্তু আমাৰ বাবে মূল্যবান হৈ পৰিব পাৰে, কিন্তু আমি মূল্য দিয়া আটাইবোৰ বস্তুৰ মাজত কিছুমান নিৰ্দিষ্ট উমৈহতীয়া বৈশিষ্ট থাকে । যদিহে আমি কোনো এটা বস্তুৰ সহজে প্ৰতিলিপি তৈয়াৰ কৰিব পাৰো, অথবা বস্তুটো প্ৰাকৃতিক ভাৱে প্রচুৰ পৰিমানে উপলব্ধ, তেন্তে তাক আমি মূল্য প্ৰদান নকৰো ।
দেখা যায় যে বস্তু এটাক আমি মূল্য দিওঁ : পাবলৈ কঠিন হোৱা বাবে (যেনে সোণ, হীৰা, সময় আদি), উৎপন্ন কৰিবলৈ জটিল বা কষ্টকৰ হোৱাৰ বাবে, তাৰ স্থান বেলেগে ল’ব নোৱাৰে বাবে (যেনে আপোনজনৰ এখন পুৰণি ফটো), আমাক কিবা কাৰ্য সাধনৰ সামৰ্থ্য প্ৰদান কৰাৰ বাবে (যাৰ অবিহনে আমি সেই নিৰ্দিষ্ট কামটো কৰা সম্ভৱ নহব), অথবা ইয়াৰে একাধিক কাৰণৰ বাবে (যেনে শিল্পকলা আদি) ।
এই আটাইৰে উৰ্দ্ধত হৈছে বিটকইন : যি চুড়ান্তভাৱে দুৰ্লভ (মাত্ৰ ২১ নিযুত), যাৰ উৎপাদনৰ জটিলতা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে (মাইনাৰৰ ৰিৱাৰ্ড আধালৈ হ্ৰাস পাই আহিছে), অইনে তাৰ স্থান ল’ব নোৱাৰে (প্ৰাইভেট কী এটা হেৰালে তাৰ ঠাইত নতুন কী পাব নোৱাৰি), আৰু বিভিন্ন ব্যৱহাৰিক কাৰ্য্য কৰাৰ আমাক সামৰ্থ্য প্ৰদান কৰে । দেশীয় সীমাভেদে মূল্য বিনিময়ৰ বাবে যুক্তিপূৰ্ণৰূপে ই আটাইতকৈ উৎকৃষ্ট আহিলা, যি প্ৰায় বাধা ও বাজেয়াপ্ত-প্ৰতিৰোধী (resistant to censorship and confiscation), লগতে ই এক স্বয়ং-সঞ্চালিত মূল্য-সঞ্চয় প্ৰণালী (store of value), যি মানুহক বেংক আৰু চৰকাৰৰ পৰা মুক্ত ভাৱে নিজ সম্পত্তিৰ মূল্য সঞ্চয় কৰাৰ সুবিধা প্ৰদান কৰে ।
বিটকইনে মোক শিকালে যে মূল্য হ’ল বৈষয়িক, কিন্তু ই ভিত্তিহীন নহয় ।