পাঠ ০২ : দুৰ্লভ্য বিৰলতা | বিটকইন একবিংশতি (21 Lessons)

Translated from:
Lesson 2 : The scarcity of scarcity (21 Lessons by Dergigi)

ইমানেই যথেষ্ট - আশাকৰো মই আৰু বাঢ়ি নাযাম...

সাধাৰণতে, প্ৰযুক্তিৰ অগ্ৰগতিয়ে সম্পদক সহজলভ্য কৰি তোলা দেখা গৈছে । পূৰ্বতে বিলাসী হিচাপে গণ্য হোৱা সামগ্ৰীকো ক্ৰমাগতভাৱে অধিক মানুহে উপভোগ কৰিবলৈ পোৱা হৈছে । শীঘ্ৰেই আমি সকলোৱে একালৰ ৰজাৰ দৰে বাস কৰিবলৈ ল’ম (আমাৰ মাজৰে অনেকে ইতিমধ্যে বাস কৰিবলৈ লৈছেই) । যিদৰে লিখক পিটাৰ ডায়েমণ্ডিছে Abundance গ্ৰন্থত লিখিছে যে – “প্ৰযুক্তি হৈছে এক সম্পদ-মুক্তকৰণ প্ৰণালী। ই এসময়ৰ দুৰ্লভ সম্পদক বৰ্তমানত সহজলভ্য কৰি তুলিব পাৰে ।”

বিটকইনে, যি স্বয়ং এক অগ্ৰণী প্ৰযুক্তি, এই প্ৰচলিত ধাৰা ভংগ কৰি এক প্ৰকৃতাৰ্থত চিৰ-দুৰ্লভ সম্পদ সৃষ্টি কৰে । কোনো কোনোৱে আনকি এইবুলিও যুক্তি দৰ্শাই যে বিটকইন হৈছে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ভিতৰতে সৰ্বাধিক দুৰ্লভ সম্পদকেইবিধৰ অন্যতম । যাৰ যোগান কেতিয়াও বৃদ্ধি কৰিব নোৱাৰি, লাগে কোনোৱে ইয়াৰ পৰিমাণ বঢ়াবলৈ যিমানেই চেষ্টা নকৰক কিয় ।

কেৱল দুবিধ সমগ্ৰীয়েই হৈছে প্ৰকৃতাৰ্থত দুৰ্লভ : সময় আৰু বিটকইন ।

কিন্তু বিপৰীত স্বৰূপে, কপি কৰাৰ এক পদ্ধতিৰ দ্বাৰাহে বিটকইনে নিজৰ এই দুৰ্লভতা লাভ কৰে । ইয়াত লেনদেনবোৰ সম্প্ৰচাৰ কৰা হয়, ব্লকসমূহ প্ৰচাৰ কৰা হয়, বিতৰণকৃত হিচাপ (distributed ledger) ৰ ক্ৰমটোকো, – হয়, ঠিকেই ধৰিছে – বিলাই দিয়া হয় । চাবগ’লে এই আটাইবোৰ হৈছে ‘কপি’ বা ‘নকলৰ’ শুৱলা প্ৰতিশব্দ মাথোঁ । আনকি বিটকইনে বিভিন্ন মানুহক সম্পূৰ্ণ ন’ড চলাবলৈ আৰু নতুন ব্লক উলিয়াবলৈ উৎসাহিত কৰি নিজকে নিজে যিমান পাৰে সিমান কম্পিউটাৰলৈ কপি কৰি লয় ।

আৰু আশ্চৰ্যজনক ভাৱে, নকল কৰাৰ এই আটাইবোৰ প্ৰয়াসে দুৰ্লভতা সৃষ্টিৰ সন্মিলিত প্ৰচেষ্টাত সুন্দৰ আৰু সন্মিলিত ভাৱে হাত উজান দিয়ে ।

সহজলভ্যতাৰ আজিৰ এই সময়ত, বিটকইনে মোক শিকালে যে প্ৰকৃত দুৰ্লভতা নো কি ।