পাঠ ০১ : অ-পৰিৱৰ্তনশীলতা আৰু পৰিৱৰ্তন | বিটকইন একবিংশতি (21 Lessons)

Translated from:
Lesson 1 : Immutability and change (21 Lessons by Dergigi)

কেতিয়াবা মই ভাবো, কিজানি নিশাটোৰ ভিতৰতে মোক সলনি কৰি পেলোৱা হৈছে । ভাবি চাওঁ দিয়কচোন, আজি পুৱা উঠাৰ সময়ত মই বাৰু এতিয়াৰ সৈতে একেটা মানুহেই আছিলোঁনে ? মোৰ ভাৱ হয়, যেন এতিয়াতকৈ তেতিয়া মই নিজকে কিছু পৃথক অনুভৱ কৰিছিলোঁ । কিন্তু যদিহে ৰাতিপুৱাৰ মই আৰু এতিয়াৰ মইতো সচাই পৃথক, তেন্তে ইয়াৰ লগে লগে এটা ডাঙৰ প্ৰশ্নও আহিব যে - "এই সংসাৰত প্ৰকৃততে 'মই' নো কি বা কোন?" অঃ এয়াচোন বৃহৎ এক সাঁথৰ হৈ পৰিল !

ঠিক তেনেদৰেই, বিটকইন কি সেয়া বিৱৰণ কৰাও স্বাভাৱিকতে কঠিন । ই এটা সম্পূৰ্ণ নতুন বস্তু আৰু পূৰ্বৱৰ্তী বস্তুবোৰৰ সৈতে কৰা ইয়াৰ যিকোনো তুলনাত্মক বিশ্লেষণে – লাগে সেয়া “ডিজিটেল সোণ” বুলি বা “ইণ্টাৰনেটৰ মুদ্ৰা” বুলিয়েই নহওক কিয় – ইয়াৰ এক সম্পুৰ্ণ বিৱৰণ দিয়াত সদায় ব্যৰ্থ হৈয়েই ৰ’ব । ইয়াৰে যিটোৱেই আপোনাৰ পচন্দৰ উপমা নহওক কিয়, তাত বিটকইনৰ মূলতঃ দুটা দিশৰ উল্লেখ সদায় অত্যাৱশ্যকীয় : বিকেন্দ্ৰিকৰণ আৰু অ-পৰিৱৰ্তনশীলতা বা অ-সংশোধনশীলতা ।

এক ধৰণে ভাবিব গ’লে বিটকইনক আমি এবিধ ‘স্বয়ংক্ৰিয় সামাজিক চুক্তি’ (automated social contract) বুলি ক’ব পাৰো ।

বিটকইনৰ ছফ্টৱেৰ খিনি এই গোটেই ব্যৱস্থাপনাৰ এক অংশহে, আৰু সেয়ে ছফ্টৱেৰৰ সালসলনি কৰি ‘বিটকইন’ৰ পৰিৱৰ্তন আনিব বিচৰাটো এক অনৰ্থক প্ৰয়াস মাথোঁ । বিটকইন ব্যৱস্থাৰ সামান্য কিছু সালসলনি গ্ৰহণ কৰাবৰ বাবেও প্ৰয়াস কৰোঁতাই গোটেই বিটকইন নেটৱৰ্কটো চলাই ৰখা সকলো মানুহকে মান্তি কৰাব পাৰিব লাগিব, যাক নেকি ছফ্টৱেৰ বিষয়ক প্ৰয়াসতকৈ অধিক মনস্তাত্বিক প্ৰয়াস বুলিহে ক’ব লাগিব ।

আৰু আগবঢ়াৰ আগেয়ে কৈ লওঁ যে সংসাৰৰ আন বহুতো কথাৰ দৰে মোৰ আগন্তুক কথাবোৰো প্ৰথমতে হয়তো অযৌক্তিক যেন লাগিব পাৰে । তথাপিও কিন্তু মোৰ বিশ্বাস, কথাষাৰ গভীৰ আৰু চিৰন্তন ভাৱে সত্য যে : “আপুনি বিটকইনক সলনি নকৰে, কিন্তু বিটকইনে আপোনাক সলনি কৰি পেলাব ।”

বিটকইনক আমি যিমান সলাম, তাতকৈ বিটকইনে আমাক বেছিকৈ সলাই পেলাব ।

কথাষাৰৰ গভীৰতা অনুভৱ কৰিবলৈ মোক যথেষ্ট সময় লাগিল । যিহেতু বিটকইন মাথোঁ চফ্টৱেৰৰ সমষ্টি আৰু ইয়াৰ গোটেই চফ্টৱেৰবোৰ মুকলিকৈ উপলব্ধ, আপুনি ইচ্ছা অনুসৰি ইয়াক সালসলনি কৰি ল’ব পাৰিব, নহয় জানো ? ভুল ! একদম ভুল ! সচৰাচৰ ভাবেই, বিটকইনৰ সৃষ্টিকৰ্তায়ো এইবিষয়ে ভালদৰেই জানিছিল ।

বিটকইনৰ প্ৰকৃতিয়েই এনেকুৱা যে ইয়াৰ প্ৰথম সংস্কৰণ (version 0.1) মুকলি কৰাৰ লগে লগে ইয়াৰ মূল গাথঁনিটোক সমগ্ৰ ভৱিষ্যতৰ বাবে শিলৰ গাথঁনিৰ দৰে চিৰস্থায়ী কৰি ৰখা হৈছিল ।

বিটকইনৰ প্ৰকৃতি সলনি কৰিবলৈ অনেকেই প্ৰয়াস কৰিছিল । যিমান দুৰলৈকে দেখা গ’ল, এনে প্ৰয়াসত সকলোৱে বিফল হ’ল । ভিন্ন উপ-শাখা আৰু বিকল্প মুদ্ৰাৰ এখন অনন্ত সাগৰ থকাৰ পিছতো বিটকইনৰ মূল শৃখংলাডালে ইয়াৰ প্ৰথমটো ন’ড অনলাইন হোৱাৰ দিন ধৰি আজি পৰ্য্যন্ত সমান সক্ষমতাৰ সৈতে কাম কৰি আহিছে । বিটকইনৰ দীৰ্ঘকালীন দৌৰত এই বিকল্প মুদ্ৰাবোৰে একো প্ৰভাৱ নেপেলায়, আৰু খোৰাকীৰ অভাৱত উপ-শাখাবোৰৰো এদিন মৃত্যু হ’ব । একমাত্ৰ বিটকইনেই হৈছে গুৰুত্বপূৰ্ণ । যেতিয়ালৈকে মানুহৰ গণিত আৰু পদাৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা সমূহত পৰিৱৰ্তন নাহে, তেতিয়ালৈকে শেন চৰাইৰ দৰে বিটকইনাৰ সকলেও কাকো গনাগণ নকৰাকৈ চলি থাকিব ।

বিটকইন হৈছে এক নৱৰূপৰ জীৱন প্ৰণালীৰ প্ৰথম উদাহৰণ । ই ইণ্টাৰনেটত শ্বাস-প্ৰশ্বাস লৈ জীয়াই থাকে । ই জীয়াই থাকে কাৰণ ই নিজকে জীয়াই ৰাখিবলৈ মানুহক মূল্য প্ৰদান কৰিব পাৰে । […] ইয়াক পৰিৱৰ্তন কৰিব নোৱাৰি । ইয়াৰ সৈতে তৰ্ক কৰিব নোৱাৰি । ইয়াক বিনষ্ট কৰিব নোৱাৰি । ইয়াক দূষিত কৰিব নোৱাৰি । ইয়াক বন্ধ কৰিব নোৱাৰি । […] যদি পাৰমাণৱিক যুদ্ধই পৃথিৱীৰ অৰ্ধেক অংশ ধংশ কৰিও পেলাই, তথাপি ই জীয়াই থাকিব, অলপো দূষিত নোহোৱাকৈ ।

এই বিটকইন নেটৱৰ্কৰ হৃদস্পন্দনে এদিন আমাৰ স্পন্দনকো পিছপেলাই থৈ যাব ।

উপৰোক্ত কথাখিনিৰ অনুধাৱনে মোক যিমান সলনি কৰি পেলালে, সীমানখিনি বিটকইন ব্লক শৃংখলাৰ পাৰ হৈ যোৱা ব্লকবোৰেও কেতিয়াও কৰিব নোৱাৰিব । ইয়ে মোৰ সময়ৰ প্ৰতি গুৰুত্ব, মোৰ অৰ্থনীতিৰ ধাৰণা, মোৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু অনেক বহুতো কিবাকিবি সলনি কৰি পেলালে । আনকি ইয়ে মানুহৰ খাদ্যাভ্যাস পৰ্যন্ত সলনি কৰি পেলাইছে! যদি এই সমস্ত কথাবোৰ আপোনাৰ আচহুৱা যেন লাগিছে, তেন্তে জানিব আপুনি সজ সংগতে আছে । কাৰণ এই সকলোবোৰ প্ৰকৃতাৰ্থতেই আচহুৱা, তথাপি এইবোৰ ঘটিয়েই আছে ।

বিটকইনে মোক শিকালে যে ই সলনি নহয় । মইহে হ’ম ।