অধ্যায় ০১ : দৰ্শন | বিটকইন একবিংশতি (21 Lessons)

Translated from:
Chapter I : Philosophy (21 Lessons by Dergigi)

অনুসন্ধিৎসু দৃষ্টিৰে নিগনিটোৱে তাইলৈ চাই ৰ’ল, আৰু তাৰ সৰু সৰু চকুকেইটাৰ এটাৰে চকু টিপিয়াই দিয়াৰ দৰে দেখা গ’ল, কিন্তু মুখেৰে সি একো নক’লে ।

উপৰোৱাভাৱে বিটকইনক লক্ষ্য কৰি কোনোৱে হয়তো ভাবিব পাৰে যে ই লেহেমীয়া, অপচয়মূলক, অপ্ৰয়োজনীয় তথা অযথা ভীতিগ্ৰস্ত এক ব্যৱস্থা । আকৌ, অনুসন্ধিৎসু ভাৱে বিটকইনক লক্ষ্য কৰি কোনোৱে হয়তো পাব পাৰে যে কথাবোৰ আচলতে প্ৰথমবাৰতে দেখাৰ দৰে নহয় । আপোনাৰ মনৰ ধাৰণাবোৰক লৈ সেইবোৰৰ গোটেই দিশ সলনি কৰি পেলোৱাৰ এক উপায় বিটকইনৰ হাতত সদায় থাকে । যেতিয়াই নিজৰ ধাৰণাবোৰৰ সৈতে আপুনি সহজ হ’ব খুজিব, বজাৰৰ মাজৰ উদঙীয়া ষাঁৰ গৰুৰ দৰে ঢাহি-মুহি আহি বিটকইনে আকৌ এবাৰ আপোনাৰ অনুমানবোৰ ধংশ কৰি পেলাব !

Blind monks examining the Bitcoin bull

বিটকইন হৈছে একাধিক শিকণ শৈলীৰ সন্মিলিত এক সন্তান । ঠিক সাধুকথাৰ চাৰি অন্ধই হাতী চাবলৈ যোৱাৰ দৰে । এই অগ্ৰণী প্ৰযুক্তিৰ কাষ চপা প্ৰতিজনেই একোটা ভিন্ন কোণৰ পৰা ইয়াক স্পৰ্শ কৰিব পাৰে । আৰু প্ৰত্যেকেই এই পৰাক্ৰমী প্ৰযুক্তিৰ প্ৰকৃতি সন্দৰ্ভে ভিন্ন মূল্যাংকন লাভ কৰিব পাৰে ।

আগন্তুক পাঠ সমূহ হৈছে বিটকইনে তচ-নচ কৰি পেলোৱা মোৰ কিছুমান ধাৰণা আৰু তাৰপৰা মই উপনীত হোৱা সিদ্ধান্ত সমূহৰ বিষয়ে ।

অ-সংশোধনশীলতা/অ-পৰিবৰ্তনশীলতা (immutability), বিৰলতা/দুৰ্লভ্যতা (scarcity), স্থানীয় লভ্যতা (locality) আৰু পৰিচয়/পৰিচিতি (identity) ৰ বিষয়ে প্ৰথম চাৰিটা পাঠত অন্বেষণ কৰা হৈছে ।

পঞ্চম পাঠে অন্বেষণ কৰিছে কেনেকৈ বিটকইনৰ আৰম্ভণিৰ কাহিনীখিনি কেৱল আকৰ্ষণীয়ই নহয় বৰঞ্চ এক কৰ্তৃত্ব/নেতৃত্ববিহীন ব্যৱস্থাপনাৰ বাবেও অতিকৈ প্ৰয়োজনীয় । আৰু এই অধ্যায়ৰ অন্তিম দুটা পাঠত অন্বেষণ কৰা হৈছে বিটকইন জ্ঞান-গহ্বৰে প্ৰতিফলন ঘটোৱা বাক-স্বাধীনতাৰ শক্তি/সামৰ্থ্য আৰু আমাৰ ব্যক্তিগত জ্ঞান-ভাণ্ডাৰৰ সীমাবদ্ধতাৰ বিষয়ে ।

আশাকৰো আপুনিও বিটকইনৰ পৃথিৱীখনক শিক্ষণমূলক, আকৰ্ষণীয় আৰু আমোদজনক পাব, যেনেকৈ মই নিজেও পাইছিলোঁ, বা আজিও এতিয়াও পাওঁ ।

বিটকইন গহ্বৰত বাস কৰা শহাটিৰ পিছ লৈ গহ্বৰৰ গভীৰতা অন্বেষণ কৰিবলৈ মই আপোনাক আমন্ত্ৰণ জনাইছোঁ । সময়ক মুঠিত বান্ধি, গহ্বৰত জাপ দি, এই গভীৰতাক আমি উপভোগ কৰো আহক ।