বিটকইন শ্বেতপত্ৰ
সাৰমৰ্ম:
এটি সম্পূৰ্ণ ‘পিয়েৰ-টু-পিয়েৰ’ ইলেকট্ৰনিক নগদ মুদ্ৰা ব্যৱস্থাই কোনো বিত্তীয় অনুস্থানৰ সহায় অবিহনেই এক পক্ষক আন এক পক্ষৰ লগত অনলাইনত ধনৰ লেনদেন কৰাৰ সুবিধা প্ৰদান কৰিব। ডিজিটেল স্বাক্ষৰ ব্যৱহাৰ কৰি তাক আংশিকভাবে ৰূপায়ন কৰিব পাৰি, কিন্তু ‘ডাবল স্পেণ্ডিং’ ৰোধ কৰিবলৈ যদি কোনো বিশ্বাসযোগ্য তৃতীয় পক্ষৰ প্রয়োজন হয়, তেন্তে ইয়াৰ প্ৰধান লাভালাভ সমূহ হেৰুওৱা যায়। আমি এটি পিয়েৰ-টু-পিয়েৰ নেটৱৰ্কৰ দ্বাৰা কৰি সেই ‘ডাবল স্পেণ্ডিং’ সমস্যাটোৰ সমাধান আগবঢ়াইছো। নেটৱৰ্কটোৱে লেনদেনবোৰক সময়সূচীত কৰিবৰ বাবে হেছ (hash) ভিত্তিক এক ‘প্ৰুফ-অৱ-ওৱৰ্ক’ বোলা নিৰন্তৰ শৃংখলাত হেছিং কৰে, যাৰ দ্বাৰা এনে এক ৰেকৰ্ডৰ সৃষ্টি হয় যাক প্ৰুফ-অৱ-ওৱৰ্ক টোক পুনৰাই নকৰিলে সলনি কৰিব নোৱাৰি। দীৰ্ঘতম চেইন বা শৃংখলাডাল কেৱল হৈ যোৱা ঘটনাক্ৰমৰ প্ৰমানেই নহয়, লগতে এইটোৰো প্ৰমাণ যে সি নিজে সৰ্বাধিক চিপিউ পাৱাৰ থকা প্ৰাৰ্থীৰ দ্বাৰা সৃষ্ট। যেতিয়ালৈকে গৰিষ্ঠ সংখ্যক চিপিউ ক্ষমতা সেই সমূহ প্ৰাৰ্থীৰ হাতত আছে যিয়ে সামূহিক ভাবে নেটৱৰ্কটোক ক্ষতি কৰিবৰ যত্ন নকৰে, তেতিয়ালৈকে সিহঁতে দীৰ্ঘতম চেইনডাল সৃষ্টি কৰি থাকি যিকোনো এটেকাৰক পিছপেলাই গৈ থাকিব। নেটৱৰ্কটোৰ গঠন হ’বলৈ নিচেই সামান্য বস্তুৰ প্ৰয়োজন। মেছেজবোৰক সৰ্বাধিক প্ৰচেষ্টাৰ ভিত্তিত (best effort basis) সম্প্ৰচাৰ কৰা হয়, ন’ড, মানে প্ৰাৰ্থীসমূহে ইচ্ছানুসাৰী নেটৱৰ্কটো এৰি থৈ যাব পাৰে আৰু দীৰ্ঘতম প্ৰুফ-অৱ-ওৱৰ্ক শৃংখলাডালক হৈ যোৱা ঘটনাৱলীৰ প্ৰমাণ হিচাপে মানি লৈ পুনৰ যোগদান কৰিব পাৰে।
পাতনি
ইণ্টাৰনেটত ব্যৱসায় প্ৰায় সম্পূৰ্ণকৈ সেই বিত্তীয় অনুস্থান সমূহৰ ওপৰত নিৰ্ভৰ কৰিব লৈছে যিয়ে বিশ্বাসী তৃতীয় পক্ষ হিচাপে ইলেকট্ৰনিক লেনদেন সমূহ সঞ্চালনা কৰে। এই ব্যৱস্থাটো প্ৰায়খিনি লেনদেনৰ বাবেই পৰ্যাপ্ত যদিও ই সেই পৰনিৰ্ভৰতা ভিত্তিক আৰ্হিটোৰ অন্তৰ্নিহিত দুৰ্বলতা সমূহত ভোগে। সম্পূৰ্ণ ওভোটাব নোৱাৰা লেনদেন দৰাচলতে সম্ভৱ নহয় যিহেতু বিত্তীয় অনুস্থানবোৰে (লেনদেন জনীত) বিবাদৰ মধ্যস্থতা নকৰাকৈ থাকিব নোৱাৰে। মদ্যস্থতা কৰাৰ খৰছে লেনদেনৰ খৰছো বঢ়াই, যিয়ে সম্ভৱপৰ সৰ্বনিম্ন লেনদেনৰ সম্ভাৱনা সীমিত কৰে আৰু সৰু-সুৰা লেনদেনৰ সম্ভাৱনা নোহোৱা কৰে, আৰু ইয়াত এটা ডাঙৰ খৰছো আছে যিটো হ’ল ওভোটাব নোৱাৰা সেৱাৰ বাবে ওভোটাব নোৱাৰা পৰিশোধ কৰিব পৰাৰ ক্ষমতা হেৰাই যোৱাটো। ওভোটাব পৰাৰ সম্ভাৱনাৰ লগতে বিশ্বাসৰ প্ৰয়োজনো বাঢ়ি যায়। ব্যৱসায়ীবোৰ তেওঁলোকৰ গ্ৰাহকৰ পৰা বেছি সতৰ্ক হৈ থাকিব লগীয়া হয়, অন্যথা যিমান তথ্যৰ প্ৰয়োজন হ’ল হেতেন তাতকৈ বেছি তথ্য বিচাৰি তেওঁলোকক অসুবিধা দিব লগীয়া হয়। এক নিৰ্দিষ্ট পৰিমাণৰ প্ৰবঞ্চনা এৰাই চলিব নোৱাৰা (অনিবাৰ্য) বুলি মানি লোৱা হয়। মুখামুখিকৈ ভৌতিক মুদ্ৰা (physical currency) ব্যৱহাৰ কৰি এই খৰছ আৰু প্ৰতিশোধৰ অনিশ্চয়তাসমূহ দূৰ কৰিব পাৰি, কিন্তু কোনো যোগাযোগ মাধ্যমৰ দ্বাৰা বিশ্বাসী তৃতীয় পক্ষ নোহোৱাকৈ পৰিশোধ কৰাৰ কোনো প্ৰণালী নাই। প্ৰয়োজনীয় হল এটি ইলেকট্ৰনিক পৰিশোধ ব্যৱস্থাৰ, যি পৰনির্ভৰতা ভিত্তিক নহৈ ক্ৰিপ্টগ্ৰাফী ভিত্তিক, যিয়ে যিকোনো দুই আগ্ৰহী পক্ষক কোনো বিশ্বাসী তৃতীয় পক্ষৰ প্ৰয়োজন নোহোৱাকৈয়ে নিজৰ মাজত পোনপটীয়াকৈ ধনৰ লেনদেন কৰিব দিব। কম্পিউটাৰৰ দ্বাৰা গাননীকভাবে যিবোৰ লেনদেন ওভোটোৱাটো অনৰ্থক, তেনেবোৰে বিক্রেতাক প্ৰবঞ্চনাৰ পৰা সুৰক্ষা দিব, আৰু নিয়মিত এস্ক্ৰ’ ব্যৱস্থাৰ প্ৰণালীৰক সহজেই ৰূপায়ন কৰি ক্রেতাকো সুৰক্ষা দিব পৰা যাব। এই পত্ৰখনত আমি ডাবল স্পেণ্ডিংৰ সমস্যাটোৰ সমাধান এবিধ পিয়েৰ টু পিয়েৰ বিস্তাৰিত টাইমষ্টেম্প চাৰ্ভাৰৰ ৰূপত আগবঢ়াইছো যিয়ে কম্পিউটাৰৰ দ্বাৰা গাননীক ভাবে লেনদেনসমূহৰ ক্ৰমটোৰ প্ৰমাণ সৃষ্টি কৰে। ব্যৱস্থাটো তেতিয়ালৈকে সুৰক্ষিত যেতিয়ালৈকে সহযোগিতাৰে আক্ৰমণ কৰিব খোজা প্ৰাৰ্থী গোটবোৰতকৈ বেছি চিপিউ শক্তি সৎ প্ৰাৰ্থী সমূহে সামূহিকভাবে পৰিচালনা কৰে।